মৃত্যু সহস্ৰাধিক, সন্ধানহীন ৫০হাজাৰৰো অধিক লোক! বৰভূঁইকপঁত তচনচ হোৱা ভেনিজুৱেলাত হাহাকাৰ...


 

শতিকাৰ সবাতোকৈ ভয়ংকৰ ভূমিকম্পত তচনচ ভেনিজুৱেলা। ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছ (Caracas) আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহত দুটাকৈ শক্তিশালী ভূমিকম্প (Doublet earthquakes) সংঘটিত হোৱাৰ পাছত এতিয়া দেশখনত নাজল-নাথল অৱস্থা। ৰিখটাৰ স্কেলত এই ভূমিকম্প দুটাৰ প্ৰৱলতা ক্ৰমে ৭.২ আৰু ৭.৫ আছিল। ইয়াক দেশখনৰ বিগত এশ বছৰৰ ইতিহাসত আটাইতকৈ ভয়াৱহ প্ৰাকৃতিক দুৰ্যোগ বুলি আখ্যা দিয়া হৈছে।

এই ভূমিকম্পৰ শেহতীয়া কিছু চৰকাৰী তথ্যঃ

  • মৃতকৰ সংখ্যা: বৰ্তমানলৈকে চৰকাৰীভাৱে ৯২০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে আৰু এই সংখ্যা ১,০০০ ৰ ওচৰ চাপিছে।
  • নিৰুদ্দেশ: ভূমিকম্পৰ পিছৰে পৰা ৫০,০০০ তকৈও অধিক লোক নিৰুদ্দেশ হৈ আছে।
  • আহত আৰু আৱদ্ধ লোক: প্ৰায় ৩,৩৬০ জন লোক আহত হৈছে আৰু ১৭২ জন লোক এতিয়াও খহি পৰা অট্টালিকাৰ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে।
  • আটাইতকৈ বেছি প্ৰভাৱিত অঞ্চল: উপকূলীয় ৰাজ্য লা গুৱাইৰা (La Guaira) আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত অট্টালিকাসমূহ সম্পূৰ্ণৰূপে ধূলিসাৎ হৈ পৰিছে।

চৰকাৰী আৰু প্ৰশাসনিক উদ্ধাৰ কাৰ্য অতি লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। বহু অঞ্চলত কোনো চৰকাৰী বিষয়া উপস্থিত নোহোৱাৰ বাবে স্থানীয় লোকসকলে নিজেই দলবদ্ধ হৈ খালী হাতেৰে আৰু হাতত থকা সৰু-সুৰা সঁজুলিৰে ধ্বংসাৱশেষ খান্দি আপোনজনৰ সন্ধান কৰিছে।

অৱশ্যে, অঞ্চলটোত সৃষ্টি হোৱা যান-জঁট আৰু বিশৃংখলতাৰ বাবে চৰকাৰে শুকুৰবাৰে নিশাৰে পৰা বিশেষ অনুমতি অবিহনে সাধাৰণ স্বেচ্ছাসেৱকৰ প্ৰৱেশত বাধা আৰোপ কৰিছে। বৰ্তমান খাদ্য, ঔষধ আৰু প্ৰয়োজনীয় সামগ্ৰীৰ বাবে দোকান-পোহাৰৰ সন্মুখত মানুহৰ দীঘলীয়া শাৰী দেখা গৈছে।

ভেনিজুৱেলাৰ এই সংকটৰ সময়ত বিশ্বৰ বিভিন্ন দেশে সহায়ৰ হাত আগবঢ়াইছে।  ৰাষ্ট্ৰসংঘৰ মানৱীয় সংস্থা (OCHA) ৰ তত্ত্বাৱধানত প্ৰায় ১৭খন দেশৰ উদ্ধাৰকাৰী দল ভেনিজুৱেলা অভিমুখে ৰাওনা হৈছে। ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, কলম্বিয়া, চুইজাৰলেণ্ড আৰু এল ছেলভাডৰৰ ৮৬১ গৰাকী আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক ঘটনাস্থলীত উদ্ধাৰ কাৰ্যত ব্যস্ত আছে। ভাৰত, চীন, ব্ৰাজিল আৰু ইৰানেও ভেনিজুৱেলাক সহায়ৰ প্ৰতিশ্ৰুতি দিছে। পোপ লিঅ' XIV-এ জৰুৰীকালীন সাহায্য হিচাপে ১,০০,০০০ ইউৰো অনুদান আগবঢ়াইছে।

আমেৰিকাৰ সশস্ত্ৰ বাহিনীৰ দ্বাৰা প্ৰাক্তন ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোক অপসাৰণ কৰাৰ পিছত বৰ্তমান ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে (Delcy Rodriguez) দেশখনৰ প্ৰশাসন পৰিচালনা কৰি আছে। বৰ্তমানৰ এই দুৰ্যোগৰ মোকাবিলা কৰিবলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু বৈদেশিক সচিব মাৰ্কো ৰুবিঅ’ৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ ৰক্ষা কৰি সাহায্য প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ চেষ্টা চলাইছে।

Post a Comment

Previous Post Next Post