ডবকাৰ ভেলেউগুৰিৰ পৰা ১৪ বছৰীয়া কিশোৰ ছাত্ৰ নুৰ হুছেইন নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ তথ্য অনুসৰি, বিগত ২৫ জুনত টিউচনলৈ যাম বুলি কৈ নুৰ হুছেইন ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পিছৰে পৰা এতিয়ালৈকে তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।
ঘটনাৰ পিছত পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। পিতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে হাতযোৰ কৰি জনাইছে অনুৰোধ। যদি কোনো সদাশয় ব্যক্তিয়ে কিশোৰজনক ক’ৰবাত দেখা পায় বা কোনো তথ্য লাভ কৰে, তেন্তে অনুগ্ৰহ কৰি ৯৮৬৪৫১৫১২০ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পৰিয়ালৰ লোকে।
