গোলাঘাটত বজ্ৰপাতত ভস্মীভূত ডাকঘৰ, কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান


 

গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত দলৌজান তিনিআলিত শনিবাৰে বিয়লি সংঘটিত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। বজ্ৰপাতৰ ফলত ডাকঘৰসহ কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। 

প্ৰাপ্ত তথ্য অনুসৰি, বিয়লি প্ৰায় ৪ বজাত বৰষুণৰ মাজতে হোৱা বজ্ৰপাতৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, বিকট শব্দেৰে উজ্বল শৰ্মাৰ হোটেলৰ পিছফালে বজ্ৰ পৰাৰ লগে লগে হোটেলখনত জুই লাগে। কিছু সময়ৰ ভিতৰতে জুই কাষৰ দোকান আৰু প্ৰতিষ্ঠানসমূহলৈ দ্ৰুতগতিত বিয়পি পৰে।

অগ্নিকাণ্ডত উজ্বল শৰ্মাৰ হোটেল, ৰাজদ্বীপ দত্তৰ “ৰাজ এণ্টাৰপ্ৰাইজ” নামৰ হাৰ্ডৱেৰ দোকান, শৈল্যেন দত্ত (টুটু)ৰ ফাৰ্মাচী আৰু সংলগ্ন বাসগৃহ, মুহিধৰ দাসৰ বেকাৰী, দেৱজ্যোতি দাসৰ কম্পিউটাৰ দোকান, প্ৰাঞ্জল শৰ্মাৰ সমবায় গুদামৰ লগতে দলৌজান ডাকঘৰ সম্পূৰ্ণৰূপে জাহ যায়।

খবৰ পোৱাৰ পিছত গোলাঘাটৰ পৰা অগ্নিনিৰ্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হয়। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই ঘটনাৰ পিছতে জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুষ্প কমল বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।

Post a Comment

Previous Post Next Post