অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত DIG প্ৰশান্ত কুমাৰ দত্তৰ বিৰুদ্ধে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ED-য়ে । PMLA ২০০২ৰ অধীনত ED-য়ে ৫৩.২৮ কোটি টকাৰ স্থাৱৰ সম্পত্তি জব্দ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
জানিব পৰা মতে, অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত ED-এ তদন্ত আৰম্ভ কৰিছিল। অভিযোগ অনুসৰি, ১৯৯২ চনৰ পৰা ২০১৯ চনলৈ চাকৰিকালত প্ৰশান্ত কুমাৰ দত্তই নিজৰ বৈধ আয়ৰ উৎসৰ তুলনাত অসামঞ্জস্যপূৰ্ণভাৱে সম্পত্তি সংগ্ৰহ কৰিছিল।
ইফালে, তদন্তত প্ৰকাশ পোৱা তথ্য অনুসৰি, প্ৰশান্ত কুমাৰ দত্ত আৰু তেওঁৰ পত্নীৰ আয় আছিল প্ৰায় ৭.২৩ কোটি টকা, আনহাতে ব্যয় আছিল ৯.০৪ কোটি টকা। কিন্তু তদন্তকাৰী সংস্থাই প্ৰায় ৭৭.২১ কোটি টকাৰ সম্পত্তিৰ সন্ধান লাভ কৰে।
ED-ৰ তদন্তত আৰু প্ৰকাশ পায় যে, এই ধন তিনিটা ব্যক্তিগত কোম্পানী—মহামায়া এষ্টেটছ প্ৰাইভেট লিমিটেড, ঈশান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেড আৰু মুৰাৰী কম’ডিটিজ প্ৰাইভেট লিমিটেডৰ জৰিয়তে বৈধ সম্পত্তি হিচাপে প্ৰদৰ্শন কৰাৰ চেষ্টা চলোৱা হৈছিল। এই কোম্পানীসমূহৰ পঞ্জীয়নভুক্ত কাৰ্যালয় বাস্তৱত অস্তিত্বহীন বুলি তদন্তত ধৰা পৰে।
আনহাতে, ইডিৰ তদন্তত পৰিয়ালৰ সদস্য আৰু কোম্পানীসমূহৰ বেংক একাউণ্টত প্ৰায় ১৪.৭৫ কোটি টকাৰ অজ্ঞাত উৎসৰ নগদ ধন জমা হোৱাৰ তথ্যও পোহৰলৈ আহে। ED-এ যিসমূহ সম্পত্তি জব্দ কৰিছে তাৰ ভিতৰত আছে গুৱাহাটীৰ পল্টন বজাৰত অৱস্থিত ‘হোটেল ভাৰ্গৱ’, ‘ভাৰ্গৱ ইন’, লখৰা চাৰিআলিৰ ‘হোটেল ভাৰ্গৱ’, বেতকুছিৰ ‘হোটেল ভাৰ্গৱ গ্ৰেণ্ড’ আৰু মহাৰাষ্ট্ৰৰ মুম্বাইৰ আন্ধেৰী ৱেস্থস্থিত ‘সামৰ্থ দীপ’ৰ দুটা বিলাসী ফ্লেট।
উল্লেখ্য যে, ২০১৯ চনত DIG পদৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰশান্ত কুমাৰ দত্তই ২০২২-২৩ বিত্তীয় বৰ্ষত, গোচৰ ৰুজু হোৱাৰ পিছতো, ঈশান কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ ৩.৭০ লাখ শ্বেয়াৰ ভুৱা নামধাৰী অংশীদাৰৰ পৰা নিজৰ নামলৈ স্থানান্তৰ কৰিছিল। এই ঘটনাই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
