সদৌ অসম দবা সন্থাৰ উদ্যোগত সৰ্বভাৰতীয় দবা মহাসংঘৰ সহযোগত আৰু শিৱসাগৰ জিলা দবা সন্থাৰ আতিথ্যত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দবা খেলুৱৈসকলৰ বাবে ২৮জুনৰ পৰা ৩০ জুনলৈ তিনিদিনীয়া কাৰ্য্যসূচীৰে শিৱসাগৰ শিষ্যাজ কিউৰ এন কেয়াৰত অনুৰ্দ্ধ ১১,১৩,১৫ আৰু ১৭ বছৰ (ল'ৰা-ছোৱালী) শাখাৰ দবা খেলুৱৈৰ বাবে গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিং আৰম্ভ কৰা হৈছে । শিৱসাগৰ জিলাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিঙৰ বাবে সুদূৰ হাৰিয়ানাৰ ৰহটক নামৰ ঠাইৰ পৰা গ্ৰেণ্ডমাষ্টাৰ হিমাংশু শৰ্মা দেওবাৰে বিয়লি ৪-০০ বজাত শিৱসাগৰত উপস্থিত হয়।
শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মা, দবাৰ সংগঠক আব্দুৰ ৰহমান আৰু আদিল ৱাৰিছ আলিয়ে গ্ৰেণ্ডমাষ্টাৰজনক যোৰহাট এয়াৰ পৰ্টৰ পৰা আদৰি আনে । ইফালে ট্ৰেইনিং হলত শিৱসাগৰ জিলা দবা সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক স্বৰাজ বুঢ়াগোহাঁইয়ে আঁত ধৰা চমু আদৰণি অনুষ্ঠানত চৰাইদেউ জিলা দবা সন্থাৰ সভাপতি তেজ বাহাদুৰ নেৱাৰ, শিৱসাগৰ জিলা দবা সন্থাৰ সভাপতি ভাৰত শৰ্মা, সদস্যা মনিষ আগৰৱালাই গ্ৰেণ্ডমাষ্টাৰ হিমাংশু শৰ্মাক জাপী, চেলেং আৰু গামোচাৰে আদৰণি জনায়।
শিৱসাগৰত প্ৰথম বাৰৰ বাবে গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিঙৰ আয়োজন কৰা বাবে সদৌ অসম দবা সন্থাক ধন্যবাদ জ্ঞাপন কৰে দুয়োখন জিলাৰ সভাপতি, সম্পাদকে। গ্ৰেণ্ডমাষ্টাৰজনে দুটা গ্ৰুপত ৩০ জনকৈ মুঠ ৬০ জন খেলুৱৈক দিনে ছয় ঘণ্টাকৈ প্ৰশিক্ষণ প্ৰদান কৰিব। শিৱসাগৰত গ্ৰেণ্ডমাষ্টাৰ ট্ৰেইনিং অনুষ্ঠিত হোৱাৰ বাবে খেলুৱৈ আৰু অভিভাৱকৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে।
