ডিমা হাচাও জিলাত সংঘটিত হৈছে এক দুৰ্ভাগ্যজনক ঘটনা। পাৰ্বত্য জিলাখনত ব্ল’গাৰ হিচাপে পৰিচিত এগৰাকী ডিমাচা যুৱতীৰ মৃত্যুৰ সৈতে যুঁজি চিকিৎসাধীন হৈ আছে হাফলঙৰ অসামৰিক চিকিৎসালয়ত। যুৱতীগৰাকী আইচিইউত চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।
ডিমা হাচাওত এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কিয়নো পৰিচিত এইগৰাকী ব্ল’গাৰ ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদৰ এজন ক্ষমতাশালী নেতাৰ সৈতে সুসম্পৰ্ক থকা বুলি চৰ্চাত আছিল। সেই নেতাগৰাকীৰ পত্নীয়ে যুৱতীগৰাকীক স্বামীৰ সৈতে এটা কোঠাত একেলগে থকাৰ অৱস্থাত ধৰা পেলাই যুৱতীগৰাকীক বেয়াকৈ প্ৰহাৰ কৰা বুলিও এক সূত্ৰত প্ৰকাশ।
ক্ষমতাশালী ডিমাচা নেতাগৰাকীৰ সৈতে থকা সুসম্পৰ্কৰ বাবে যুৱতীগৰাকী চাৰি মাহৰ অন্তসত্ত্বাত আছিল আৰু শাৰীৰিক প্ৰহাৰৰ বাবে যুৱতীগৰাকী চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতি সৃষ্টি হয় বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ইতিমধ্যে হাফলঙত এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাক্তন মন্ত্ৰী নন্দিতা গাৰ্লোছাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।
সামাজিক মাধ্যমত সেই সন্দৰ্ভত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰি যুৱতীগৰাকীৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে সমগ্ৰ ঘটনা তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰো দাবী উঠিছে। বৰ্তমান প্ৰেমিক ক্ষমতাশালী নেতাজনে যুৱতীগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰি আছে বুলিও জানিব পৰা গৈছে।
