পুৱতি নিশা ২.৩০বজাত শোৱাপাটিৰ পৰা উঠাই আনি অভিষেকৰ সৈতে বৈঠক মমতাৰ




 

বেয়া দিনত দলটোক কেনেকৈ ধৰি ৰাখিব তাক লৈ দিন-ৰাতি একাকাৰ কৰিছে মমতাই। খোৱা-শোৱা সকলো বাদ দি এতিয়া দলটোৰ সকলো নেতা কৰ্মীক একত্ৰিকৰণৰ বাবে চিন্তা কৰাত ব্যস্ত মমতা বেনাৰ্জী। শেহতীয়াকৈ খবৰ প্ৰকাশ পাইছে যে, যোৱা বৃহস্পতিবাৰে পুৱতি নিশাও ভতিজাক অভিষেকক মতাই নি বৈঠকৰ আহ্বান কৰিছে মমতাই।

নিশা প্ৰায় ২.৩০বজাত অভিষেক বেনাৰ্জীক মতাই নি আগন্তুক সময়ত দলৰ নেতৃত্বই কি সিদ্ধান্ত আৰু কেনেদৰে কাম কৰিব লাগিব তাক লৈ আলোচনা কৰে মমতা বেনাৰ্জীয়ে। লগতে আগন্তুক সময়ত সংযম বৰ্তাই ৰাখিবলৈও পৰামৰ্শ প্ৰদান কৰে অভিষেক বেনাৰ্জীক।

 এই বৈঠকৰ মূল কাৰণ সমূহঃ 

দলক ভাঙোনৰ পৰা ৰক্ষা কৰা: তৃণমূলৰ বৰ্তমান ২৮ গৰাকী লোকসভা সাংসদ আছে। দলত্যাগ বিৰোধী আইনৰ পৰা বাচিবলৈ বিদ্ৰোহী গোটটোক অন্ততঃ ১৯ গৰাকী (দুই-তৃতীয়াংশ) সাংসদৰ প্ৰয়োজন। গতিকে কোন কোন সাংসদ বৰ্তমানো অস্থিৰ  হৈ আছে, তেওঁলোকক চিনাক্ত কৰি পুনৰ দলৰ পক্ষলৈ ঘূৰাই অনাৰ ৰণনীতি প্ৰস্তুত কৰা হয়।

আইনী আৰু সংসদীয় পদক্ষেপ: বিদ্ৰোহী গোটৰ নেতৃত্ব দিয়া কাকলি ঘোষ দস্তিদৰে দলৰ 'চিফ হুইপ' (Chief Whip) হিচাপে পত্ৰখনত চহী কৰিছিল, যদিও দলৰ তৰফৰ পৰা তেওঁক কিছু দিন পূৰ্বে আঁতৰাই কল্যাণ বেনাৰ্জীক এই দায়িত্ব দিয়া হৈছিল। এই কাৰিকৰী আৰু আইনী দিশটোক লৈ কেনেকৈ অধ্যক্ষৰ ওচৰত প্ৰত্যাহ্বান জনোৱা হ'ব, তাক লৈ আলোচনা হয়।

আভ্যন্তৰীণ সংঘাত দূৰীকৰণ: দলৰ জ্যেষ্ঠ নেতা কল্যাণ বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ অনুগামীসকলৰ মাজত চলি থকা সংঘাত কেনেকৈ শান্ত কৰিব পৰা যায়, তাৰ ওপৰত গুৰুত্ব দিয়া হয়। অভিষেকক ইয়াৰ বাবে নৰম সুৰ অৱলম্বন কৰিবলৈ নিৰ্দেশ দিয়ে দিদিয়ে। 

এই বৈঠকত মমতা বেনাৰ্জীয়ে বিজেপিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয় যে কেন্দ্ৰীয় শাসকীয় দলে তেওঁৰ দল ভাঙিবলৈ চক্ৰান্ত ৰচনা কৰিছে। আনহাতে, মহুয়া মৈত্ৰকে ধৰি মমতা শিবিৰৰ বিশ্বস্ত সাংসদসকলে বিদ্ৰোহীসকলক বিশ্বাসঘাটক আখ্যা দি তেওঁলোকক সাংসদ পদৰ পৰা পদত্যাগ কৰি নতুনকৈ নিৰ্বাচন খেলিবলৈ প্ৰত্যাহ্বান জনাইছে।

Post a Comment

Previous Post Next Post