৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ CDAক তলব


  

হৰমুজ প্ৰণালী অতিক্ৰম কৰিবলৈ চেষ্টা কৰা জাহাজসমূহত থকা ভাৰতীয় নাবিকসকলৰ সুৰক্ষা লৈ উদ্বেগ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত, ভাৰতে শুকুৰবাৰে ৪৮ ঘণ্টাৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ চাৰ্জ দ’আফেয়াৰ্ছ (CDA)-ক তলব কৰে।

বৃহস্পতিবাৰে ওমান উপকূলৰ ওচৰত গিনি-বিছাউ পতাকাবাহী তেলবাহী জাহাজ ‘এম টি জলভীৰ’ৰ ওপৰত আমেৰিকান সামৰিক বাহিনীয়ে আক্ৰমণ চলোৱাৰ পাছতে এই উদ্বেগ অধিক তীব্ৰ হৈ পৰে। অঞ্চলটোত মাত্ৰ চাৰি দিনৰ ভিতৰত সংঘটিত হোৱা এইটো তৃতীয় ঘটনা বুলি কোৱা হৈছে। অৱশ্যে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পাছত জাহাজখনত থকা সকলো ২২ জন ভাৰতীয় নাবিকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আমেৰিকা বিভাগৰ অতিৰিক্ত সচিব নাগৰাজ নাইডুৱে শুকুৰবাৰে আমেৰিকাৰ কূটনীতিক জেছন মীকছক তলব কৰি হৰমুজ প্ৰণালীত চলাচল কৰা জাহাজসমূহত কৰ্মৰত ভাৰতীয়সকলৰ সুৰক্ষা সম্পৰ্কে ভাৰতৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে। 

আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হয় যে, ওমান উপসাগৰ অঞ্চলত ভাৰতীয় নাবিক বহন কৰা বাণিজ্যিক জাহাজসমূহৰ ওপৰত সংঘটিত আমেৰিকান নৌবাহিনীৰ আক্ৰমণৰ বিৰুদ্ধে ভাৰত চৰকাৰে তীব্ৰ প্ৰতিবাদ জনাইছে। মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সাম্প্ৰতিক এই আক্ৰমণসমূহত ইতিমধ্যে তিনিজন ভাৰতীয় নাবিকৰ মৃত্যু হৈছে। এই ঘটনাক “অত্যন্ত দুখজনক” বুলি অভিহিত কৰি ভাৰত চৰকাৰে ইয়াৰ প্ৰতি গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

ইফালে, ভাৰতে পুনৰবাৰ আমেৰিকাক আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰপথত চলাচল কৰা বাণিজ্যিক জাহাজসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বিদেশত কৰ্মৰত ভাৰতীয় নাগৰিকসকলৰ জীৱন আৰু নিৰাপত্তাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছে। কূটনৈতিক মহলৰ মতে, হৰমুজ প্ৰণালী আৰু ওমান উপসাগৰ অঞ্চলত বৃদ্ধি পোৱা সামৰিক তৎপৰতাই আন্তঃৰাষ্ট্ৰীয় বাণিজ্য আৰু সমুদ্ৰ পৰিবহণৰ সুৰক্ষাক লৈ নতুন উদ্বেগৰ সৃষ্টি কৰিছে

Post a Comment

Previous Post Next Post