গুদামঘাট হত্যাকাণ্ডৰ উচিত তদন্তৰ দাবীত সৰৱ নেমছুঃ ১০ লাখ টকাৰ ক্ষতিপূৰণৰ দাবী


 

শোণিতপুৰৰ গুদামঘাটত আব্দুল কাদিৰ নামৰ লোকজনৰ জঘন্য হত্যাকাণ্ড সন্দৰ্ভত আজি পৰ্য্যন্ত উচিত তদন্ত নোহোৱাৰ অভিযোগ তুলি নেমছুৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ দুৰ্ভগীয়া পৰিয়ালটোক উপযুক্ত ক্ষতিপুৰণ ১০( দহ) লাখ টকা আৰু সংস্থাপন দিয়াৰ দাবী জনাইছে নেমছুৱে। লগতে এই জঘন্য হত্যাকাণ্ডটোৰ লগত জড়িত থকা ব্যক্তিক সোনকালে তদন্তৰ আওতালৈ আনি উচিত শাস্তি প্ৰদানৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনাইছে সংগঠনটোৱে।

উল্লেখ্য যে, বিগত ১৪ জুনত গুদামঘাটত আব্দুল কাদিৰ নামৰ লোকজনক হত্যা কৰি পুখুৰীত পেলাই দিয়া হৈছিল ৷ পিছত চাৰিদুৱাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ কৰিছিল। উক্ত দিনাই চাৰিদুৱাৰ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ লগত জঢ়িত বুধুৰাম মুণ্ডা নামৰ এজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

ইফালে, শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাইও হত্যাকাণ্ডটোৰ উচিত তদন্তৰ জৰিয়তে প্ৰকৃত হত্যাকাৰী তথা দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ দাবী জনাইছিল ৷ সম্প্ৰতি নেমছু আৰু গুদামঘাট অঞ্চলৰ ৰাইজে এই নৃশংস হত্যকাণ্ডৰ লগত জড়িত বাকী সকলকো গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে৷

Post a Comment

Previous Post Next Post