ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ চলোৱাৰ হুংকাৰ ট্ৰাম্পৰ...

  


ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাত শেষ হ’ব, পুনৰ সমগ্ৰ বিশ্বই পেট্ৰ’ল-ডিজেল, গেছ আদি স্বাভাৱিকভাৱে আমদানি কৰিব পাৰিব বুলি আশা কৰি থকা সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পুনৰ এক বিস্ফোৰক মন্তব্য কৰে। 

তেওঁ কয় যে- ইৰাণৰ সৈতে বুজাবুজি চুক্তি এতিয়াও চূড়ান্ত হোৱা নাই। দৰাচলতে, মধ্যপ্ৰাচ্যত যোৱা তিনি মাহ ধৰি চলি থকা উত্তেজনাৰ মাজতে আমেৰিকা আৰু ইৰাণৰ মাজত এক চুক্তিত উপনীত হোৱাৰ সম্ভাৱনাৰ কথা পোহৰলৈ আহিছে। দুয়োখন দেশৰ ফালৰ পৰা চুক্তি সম্পৰ্কে ইতিবাচক সংকেত দিয়াও পৰিলক্ষিত হৈছে। কিন্তু এই চুক্তি চৰ্চাত থকা সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে পুনৰ এবাৰ বিশ্ববাসীক আচৰিত কৰি তুলিছে। 

ফ্ৰান্সত অনুষ্ঠিত G7 Summitত অংশগ্ৰহণ কৰি তেওঁ কয় যে- ইৰাণৰ সৈতে বুজাবুজি চুক্তি (MoU) বৰ্তমানো চূড়ান্ত হোৱা নাই। লগতে তেওঁ ইৰাণৰ ওপৰত পুনৰ আক্ৰমণ চলোৱাৰ হুংকাৰো দিয়ে। G7 সন্মিলনত অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰাণৰ সৈতে সম্ভাৱ্য চুক্তি সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। 

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয়- “আমি ইৰাণত সকলো ধ্বংস কৰি পেলাইছো। ইৰাণৰ সৈতে বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই।” তেওঁ আৰু কয়- “যদি মোৰ কিবা অপছন্দ হয়, তেন্তে আমি পুনৰ আক্ৰমণ কৰিম।”

ট্ৰাম্পে লগতে কয় যে- ইৰাণৰ সৈতে হোৱা চুক্তি সন্দৰ্ভত সকলো তথ্য সংবাদমেলত প্ৰকাশ কৰা হ’ব। হৰমুজ প্ৰণালী বা Strait of Hormuz দুই-এদিনৰ ভিতৰত সম্পূৰ্ণৰূপে মুকলি কৰা হ’ব। তেলৰ দাম হ্ৰাস পাইছে। হৰমুজ প্ৰণালী ইতিমধ্যে আংশিকভাৱে মুকলি আছে আৰু অতি শীঘ্ৰে সম্পূৰ্ণৰূপে চলাচলৰ বাবে খুলি দিয়া হ’ব।”

Post a Comment

Previous Post Next Post