হ'বলগীয়া স্বামীক হত্যা কৰিবলৈ ইউটিউব! Googleত ভিডিঅ' চাইছিল চিয়া আৰু প্ৰেমিক চেতনে...


 

পুনেৰ ২৬ বছৰীয়া যুৱ ব্যৱসায়ী কেতন আগৰৱাল হত্যাকাণ্ডই বৰ্তমান সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ তদন্তত এই ঘটনাৰ সন্দৰ্ভত এজনে আনজনৰ ওপৰত দোষ জাপি দিয়া আৰু পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। 

আৰক্ষীৰ তথ্যত পোহৰলৈ অহা তথ্য অনুসৰি, যোৱা ১৮ জুনত পুনেৰ লোনাৱালাৰ ওচৰৰ ঐতিহাসিক লোহগড় দুৰ্গলৈ ফুৰিবলৈ যোৱাৰ সময়তে কেতন আগৰৱালক প্ৰায় ৪০০ ফুট দ খাৱৈত পেলাই হত্যা কৰা হৈছিল। এই কাণ্ড সংঘটিত কৰিছিল কেতনৰ বাগদত্তা ২০ বছৰীয়া চিয়া গোৱেল আৰু তাইৰ প্ৰেমিক ২২ বছৰীয়া চেতন চৌধুৰীয়ে । 

প্ৰথম অৱস্থাত ইয়াক এটা দুৰ্ঘটনা বুলি সজাবলৈ চেষ্টা কৰা হৈছিল যদিও আৰক্ষীৰ চিচিটিভি ফুটেজ আৰু কল ৰেকৰ্ডৰ তদন্তত ই এক পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰমাণিত হয়। কেতন আৰু চিয়াৰ চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত আঙুঠি পিন্ধোৱা (Engagement) হৈছিল আৰু অহা নৱেম্বৰ মাহত ৰাজস্থানৰ উদয়পুৰৰ এটা ৰাজকীয় প্ৰাসাদত তেওঁলোকৰ ভব্য বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। 

জানিব পৰা মতে, বিয়াৰ শ্বপিং আৰু প্ৰস্তুতিৰ বাবে প্ৰায় ১ কোটি টকা খৰচ কৰাৰ পৰিকল্পনা কৰা হৈছিল। আনকি আঙুঠি পিন্ধোৱাৰ পূৰ্বেই চিয়া আৰু চেতন একেলগে উদয়পুৰলৈ ফুৰিবলৈকো গৈছিল। চিয়া গোৱেলে কেতনৰ সৈতে বিয়া হ’ব বিচৰা নাছিল, কিন্তু সামাজিক আৰু পাৰিবাৰিক মৰ্যাদা হানি হোৱাৰ ভয়ত তাই এই বিবাহ নাকচ কৰিব পৰা নাছিল। 

ফলত তাই চেতনৰ সৈতে মিলি কেতনক জীৱনৰ পৰা আঁতৰাই পঠোৱাৰ ষড়যন্ত্ৰ ৰচনা কৰে। আৰক্ষীৰ মতে, তেওঁলোকে গুগল আৰু ইউটিউবত বিষ প্ৰয়োগ বা পাহাৰৰ পৰা পেলাই দি কেনেকৈ হত্যা কৰিব পাৰি, তাৰ অনুসন্ধান কৰিছিল। আনকি ১৮ জুনৰ পূৰ্বেও তেওঁলোকে কেতনক মাৰিবলৈ ৩ বাৰ ব্যৰ্থ চেষ্টা চলাইছিল।

১৮ জুন তাৰিখে চেতন চৌধুৰীয়ে টোল প্লাজাত ধৰা পৰাৰ ভয়ত গাড়ীৰ পৰিৱৰ্তে স্কুটাৰেৰে লোহগড় দুৰ্গলৈ গৈছিল আৰু নিজৰ পৰিচয় লুকুৱাবলৈ গৰমৰ দিনতো এটা হুডী (Hoodie) পিন্ধিছিল। পূৰ্ব নিৰ্ধাৰিত পৰিকল্পনা অনুসৰি, চিয়া গোৱেলে পাহাৰৰ এটা নিৰ্জন কোণত বহি পৰাৰ এক সংকেত (Signal) দিছিল (যাতে কেতনে পৰি যোৱাৰ সময়ত চিয়াৰ হাতত খামোচ মাৰি নধৰে)। 

সম্প্ৰতি পুনে গ্ৰাম্য আৰক্ষীয়ে চিয়া আৰু চেতন দুয়োকে গ্ৰেপ্তাৰ কৰি ২৯ জুন পৰ্যন্ত আৰক্ষীৰ জিম্মাত লৈছে। দেওবাৰে পুৱা আৰক্ষীয়ে এটি ডেমী (Dummy) ব্যৱহাৰ কৰি লোহগড় দুৰ্গত অপৰাধৰ দৃশ্যটো পুনৰ নিৰ্মাণ (Crime Scene Reconstruction) কৰে। বৰ্তমান জেৰাৰ সময়ত দুয়ো অভিযুক্তই নিজৰ দোষ লুকুৱাবলৈ এজনে আনজনৰ ওপৰত মূল পৰিকল্পনা কৰাৰ দোষ জাপি দিছে।

Post a Comment

Previous Post Next Post