দলত আছে, পিছে কামতহে নাই ! চৌদিশে তেওঁক লৈ হৈছে চৰ্চা। অনুৰাগীৰ মনত উদয় হৈছে- আঁৰত আছে ৰহস্য। কিয় বাৰে বাৰে উপক্ষিত হৈছে আমাৰ বৈভৱ ! প্ৰশিক্ষক গৌতম গম্ভীৰৰ স্থিতিক লৈও আঙুলি টোঁৱাইছে ক্ষুব্ধ অনুৰাগীয়ে। অধিনায়ক শ্ৰেয়াছ আয়াৰকো এৰা নাই সুদায়।
উল্লেখযোগ্য যে, আয়াৰলেণ্ড অভিমুখী ভাৰতীয় জাতীয় ক্ৰিকেট দলত স্থান দিয়া হৈছিল সৰ্বকনিষ্ঠ খেলুৱৈ বৈভৱ সূৰ্যবংশীক। তেওঁৰ বিৰল প্ৰতিভা, মাৰমুখী বেটিং বিক্ৰম, দলৰ বিপৰ্যয়ত উদ্ধাৰ কৰিব পৰা ক্ষমতা আদি বিভিন্ন দিশত সিদ্ধহস্ত বাবেই ভাৰতীয় ছিনিয়ৰ দললৈ আমন্ত্ৰণ কৰিছিল বৈভৱক।
বৈভৱক ভাৰতীয় দলত স্থানত দিয়াত দেশৰ ক্ৰিকেট অনুৰাগীয়ে লাভ কৰিছিল পৰম আনন্দ। বৈভৱৰ জন্মস্থান বিহাৰতো বৈছিল উচাহৰ ধল। আয়াৰলেণ্ড অভিমুখে যাত্ৰা কৰিছিল বিহাৰৰ ভালেসংখ্যক সমৰ্থক। ঘৰৰ ল'ৰাটোৰ মেচ স্বচক্ষে চোৱাৰ হেঁপাহ আছিল তেওঁলোকৰ।
একেদৰে টীম ইণ্ডিয়াৰ আন আন সদস্য সৈতে মনত অদম্য হেঁপাহলৈ পিতৃ-মাতৃক কাষত বহুৱাই আয়াৰলেণ্ড অভিমুখে বিমানত যাত্ৰা কৰিছিল বৈভৱ সূৰ্যবংশী। বি চি চি আইৰ সচিব তথা অসম সন্তান দেৱজিত লন শইকীয়াৰ অন্যতম প্ৰচেষ্টাত বৈভৱ তথা তেওঁৰ পৰিয়ালক দিয়া হৈছিল বিশেষ সুবিধা।
পিতৃ-মাতৃক পুত্ৰৰ খেল চোৱাৰ সুবিধা দিয়াৰ উপৰিও হোটেলত একেলগে থকা, ভ্ৰমণ কৰা আদি সকলো খৰচ বহনৰ দায়িত্ব লৈছিল ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে। সচিব শইকীয়াই বৈভৱক সকলো ধৰণৰ সা- সুবিধা দিয়াৰ প্ৰতিশ্ৰুতি কৰিছিল পালন।
এইখিনি সময়লৈকে সকলোবোৰ ঠিকেই চলিছিল যদিও শেহতীয়াকৈ আয়াৰলেণ্ডৰ বিৰুদ্ধে টীম ইণ্ডিয়াই খেলা দুখনীয়া টি-২০ মেচৰ শৃংখলাত এখনতো বৈভৱক খেলিবলৈ নিদিয়া কাৰ্যইহে সকলোৰে মনত ৰহস্যৰ সৃষ্টি হৈছে। কিয়নো বিগত সময়ত ঘৰুৱা প্ৰতিযোগিতা, আই পি এল, প্ৰস্তুতি মেচ, ত্ৰি-দেশীয় আদি শৃংখলাত কেইবাটাও বিস্ফোৰক ইনিংছ খেলিছিল বৈভৱে। ইমানৰ পাছতো তেওঁ উপেক্ষিত হোৱা বাবে অধিকাংশ অনুৰাগীয়ে নিজ নিজ ধৰণে বিশ্লেষণ কৰিছে বৈভৱৰ আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক নঘটাৰ কাৰণ।
বৈভৱৰ অভিষেক নঘটাৰ বাবে অন্যতম জগৰীয়া কৰিছে গুৰু গৌতম গম্ভীৰক। দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ আঁকোৰগোজ স্থিতি আৰু আনৰ কথাত বৰকৈ দিয়া গুৰুত্বৰ বাবেই আজি খেলাৰ পৰা বঞ্চিত হৈছে বিৰল প্ৰতিভাধৰ বৈভৱ। মেচৰ আগেয়ে মূল একাদশ গঠনত গৌতম গম্ভীৰৰ ব্যৱহাৰিক সিদ্ধান্ত স্পষ্ট নোহোৱাৰ বাবেই বৈভৱৰ এনে দশা হৈছে।
একেদৰে একাংশই নতুনকৈ দায়িত্ব লাভ কৰা অধিনায়ক শ্ৰেয়াছ আয়াৰকো কৰিছে সমালোচনা। অৱশ্যে এই সমালোচনাৰ উত্তৰ সাৱলীলভাৱে দিছে শ্ৰেয়াছে।
তেওঁ অতি নম্ৰভাৱে বৈভৱৰ প্ৰতিভাৰ শলাগ লৈ কয় যে, দলত বিশ্বকাপ জয়ী কেইবাগৰাকী সদস্য আছে। সঞ্জু, অভিষেক, শিৱমহঁতৰ দৰে খেলুৱৈ থাকোতে কেতিয়াবা কেতিয়াবা কোনো খেলুৱৈ ৰৈ যাব পাৰে। তাৰ মানে এইটো নহয় যে, খেলুৱৈগৰাকীৰ প্ৰতিভা নাই। ইফালে ১৯৮৩ৰ বিশ্বকাপজয়ী প্ৰাক্তন ক্ৰিকেটাৰ তথা ক্ৰিকেট বিশেষজ্ঞ সুনীল গাভাস্কাৰে একপ্ৰকাৰ দাবীৰ সুৰতে বৈভৱৰ পক্ষত দিয়ে থিয়। তেওঁ কয়- যেনেকৈ নহঁওক আসন্ন ইংলেণ্ডৰ বিৰুদ্ধে খেলিব লগা শৃংখলাত বৈভৱক মূল একাদশত স্থান দিবই লাগিব। ইমান প্ৰতিভা থকা খেলুৱৈ এগৰাকীক ৰিজাৰ্ভ বেঞ্চত বহুৱাই থৈ দিয়াৰ দৰকাৰ নাই।
এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, আয়াৰলেণ্ডৰে হোৱা এই টি-২০ শৃংখলাত ভাৰতে প্ৰধানকৈ বেটিং ব্যৰ্থতাৰ বাবেই দুয়োখন মেচতে পৰাজয়বৰণ কৰি শৃংখলা হেৰুৱায়। শৃংখলাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয় অভিষেক শৰ্মা, সঞ্জু ছেমছন, ঈশান কিষাণ। ভাৰতৰ এই নিৰ্লজ্জ পৰাজয়ৰ পাছতে পুনৰ বৈভৱৰ প্ৰসংগই গা কৰি উঠি চৌদিশে সমালোচিত হৈছে টীম ইণ্ডিয়া। এতিয়া অপেক্ষা মাঁথো ইংলেণ্ড ভ্ৰমণলৈ। হয়তো ইংলেণ্ডনৰ বিৰুদ্ধে খেলিব লগা শৃংখলাত অভিষেক ঘটিব বৈভৱৰ।
