ধেমাজি জিলাত বানে অতি জটিল ৰূপ ধাৰণ কৰিছে। সোমবাৰে ধেমাজিৰ চিমেন নৈৰ বাঢ়নী পানীত উটি গ’ল ৪জনকৈ লোক। ব্রহ্মপুত্র নৈত জীৱন্তে উদ্ধাৰ ৩জন লোকক উদ্ধাৰ কৰা হৈছে যদিও এতিয়াও সন্ধানহীন আন এজন লোক। এনে হাহাকৰ পৰিৱেশৰ মাজতে বান পৰিস্থিতিৰ বুজ ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা ৰাজহুৱা কৰিছে সামাজিক মাধ্যমত। তেওঁ লিখিছে- ধেমাজিৰ বানৰ পৰিপ্রেক্ষিতত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। তেখেতক বিতংভাৱে চলিত উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ বিষয়ে সবিশেষ জনোৱা হয়। এই সংকটময় সময়ত তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰিছে। বানপীড়িত প্ৰতিজন লোকৰ সুৰক্ষা, সহায় আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে আমি সকলোৱে মিলিত প্রচেষ্টাৰে মোকাবিলা কৰিম।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত ক্রমাৎ জটিল হৈছে বান পৰিস্থিতি। এই পৰ্যন্ত ৰাজ্যৰ ৬খন জিলাৰ ৯৬খন গাঁও বানৰ কবলত পৰিছে। বানৰ ফলত প্রভাৱিত হৈছে ২২,১২৪ গৰাকী লোক। ১,৬৯০ হেক্টৰ বিঘা কৃষি ভূমি ক্ষতিগ্রস্ত হৈছে বানত।
এই তথ্য সদৰি কৰিছে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রাধিকৰণে।
