চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত ৮ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে। বিশেষ তথ্যৰ ভিত্তিত আগৰতলাৰ বীৰ বিক্ৰম বিমানবন্দৰত ত্ৰিপুৰা আৰক্ষী আৰু বিমান বন্দৰৰ নিৰাপত্তা বাহিনীয়ে বাংলাদেশী কেইজনক গ্ৰেপ্তাৰ কৰে।
দুটা পৃথক অভিযানত চাৰিজনকৈ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে, ত্ৰিপুৰা সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশী কেইজনে।
তেওঁলোকৰ পৰা কেইবাটাও মোবাইল ফোনো জব্দ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পিছত বাংলাদেশী কেইজনক আদালতত হাজিৰ কৰোৱাত আদালতে তিনিদিনৰ আৰক্ষী জিম্মাত দিয়ে বাংলাদেশী নাগৰিক কেইজনক।
বাংলাদেশী কেইজনক অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ঘটনাত জড়িত দালাল চক্ৰটৰ সম্ভেদ উলিয়াবলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও সুত্ৰটোৱে সদৰী কৰে।
