জীৱন, জীৱিকা কিম্বা সংসাৰৰ সংজ্ঞা বুজিবলৈ বহু সময়ত পৈণত বয়সেও অপাৰগ হয় । প্ৰাপ্তবয়স্ক এগৰাকী ব্যক্তিৰ বাবেও বহু সময়ত এনে জীৱন চৰ্যা হৈ পৰে দুৰ্বোধ্য । এনে ক্ষেত্ৰত মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই অভিভাৱকত্বৰ বোজা বহন কৰি এটা ৩জনীয়া পৰিয়াল পোহপাল দিয়া সম্ভৱনে ? অবিশ্বাস্য যেন লাগিলেও এক বেদনা গধুৰ ছবি পোহৰলৈ আহিছে।
ঢকুৱাখনা সমজিলাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দীঘলী গাঁৱৰ এক দৰিদ্ৰ পৰিয়াল । পেছাত মিস্ত্ৰী কাম কৰি পৰিয়াল পোহপাল দি অহা বৰদৈবাম পঞ্চায়তৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা গজেন গগৈৰ কৰ্মৰত অৱস্থাত প্ৰায় ৩বছৰ পূৰ্বে অকাল মৃত্যু ঘটিছিল । পৰৱৰ্তী সময়ত প্ৰয়াত গগৈৰ পত্নী জোনালী গগৈ অকস্মাত তিনিটি কণমানি সন্তানক এৰি সন্ধানহীন হৈ গ'ল ।
পিতৃৰ পাছত মাতৃৰ আকস্মিক অবৰ্তমানত মূৰত সৰগ ভাগি পৰা দৰিদ্ৰ পৰিয়ালটোত থাকি গ'ল প্ৰায় ১৩ বছৰীয়া মণিকা গগৈ , ১১বছৰীয়া প্ৰগতি গগৈ আৰু প্ৰায় ৬বছৰীয়া পুত্ৰ মিন্টু গগৈ । হঠাৎ পিতৃ-মাতৃহীন হৈ পৰা তিনিটি কণমানি সন্তানৰ বাবে পখিলা খেদা সময়বোৰ হৈ পৰিল কণ্টকাকীৰ্ণ জীৱনৰ বাটত বাট বোলাৰ ।
দিনৰ পাছত মাহ ,মাহৰ পাছত বছৰ জৰাজীৰ্ণ ঘৰৰ উৰুখা চালেৰে আকাশৰ তৰা দেখা , ভগা চিগা বাঁহৰ বেৰৰ জলঙাৰে গছ লটিকা দেখা ,ভগা চিগা টিন আৰু ফটা চিতা বস্তা আঁৰি বতাহ বৰষুণৰ দৌৰাত্ম্য ৰোধৰ ব্যৱস্থা কৰি লোৱা এটা জৰাজীৰ্ণ পঁজাত বিনিদ্ৰ ৰজনী কটাই আহিছে তিনিটি কণমানি মণিকা, প্ৰগতি আৰু মিন্টুৱে ।
কেতিয়াবা অনাহাৰে ,কেতিয়াবা সমবায় দোকানৰ পৰা প্ৰয়াত পিতৃৰ ৰেচন কাৰ্ডৰ চাউল ,দাইল আনি বাৰীৰ খৰি খেৰ টানি আজুৰি পেটৰ ক্ষুধা পূৰাই ঢাপলি মেলে মণিকা , প্ৰগতিহঁত ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়লৈ । খাবলৈ এটুপি বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা নথকা , অনাময় ব্যৱস্থাৰ বাবে স্বাস্থ্যসন্মত শৌচাগাৰ নথকা আদি সীমাহীন অভাৱ সমস্যাৰ মাজত দিন মাহ অতিক্ৰম কৰি অহা এই নিৰ্বোধ তিনিটি শিশুৰ দুৰ্ভগীয়া পৰিয়ালটোৰ এনে চৰম দুৰ্দশা , জীয়া যন্ত্ৰণা উপশম ঘটাবলৈ আগুৱাই অহা নাই চৰকাৰ কিম্বা প্ৰশাসন ।
অন্ধলাৰ লাঠি হৈ সৰ্বক্ষণে কণমানি নাতিহঁতৰ কাষত থকা আইতাক গুণমাই গগৈ(৬২) উচ্চ ৰক্তচাপজনিত কাৰণত বিগত দুটা বছৰে শয্য়াশায়ী হৈ থকাত এতিয়া দিনতে আন্ধাৰ দেখিছে নিষ্পাপ মণিকা ,প্ৰগতিহঁতে । কৈশোৰতে দুই ভগ্নী ভাতৃক ভোকৰ ভাত ,পিয়াঁহৰ পানী যোগান ধৰি , যথা সময়ত আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে লৈ গৈ অভিভাৱকত্বৰ এক অব্যক্ত গধুৰ দায়িত্ব পালি যোৱা প্ৰচণ্ড কৰ্মোদ্যমী কিশোৰী মণিকাৰ বাবে প্ৰাথমিক আৰু জৰুৰীভাৱে প্ৰয়োজন এটা নিৰাপদ ঘৰ ,এটা বিজ্ঞানসন্মত অনাময় ব্যৱস্থা আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা।
পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ জ্ঞাত সাৰেই সুদীর্ঘ কাল ধৰি এক যন্ত্ৰণাক্লিষ্ট জীৱন অতিবাহিত কৰি অহা মণিকাহঁতৰ দুখ গাঁথা স্বচক্ষে চাবলৈ, শুনিবলৈ আৰু উপলব্ধি কৰিবলৈ ,মানৱীয়তাৰ দৃষ্টিৰে চাবলৈ আহৰি নাই নিৰ্বাচিত নেতা ,চৰকাৰ প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগৰ । উপায়ন্তৰ ভুক্তভোগী আৰু নিকট আত্মীয়ৰ মানৱ দৰদী ৰাইজলৈ আহ্বান দুৰ্ভগীয়া কণমানি পৰিয়ালটোক পাৰ্যমানে সহযোগিতা আগবঢ়াৱক । অন্ন বস্ত্ৰ নালাগে, কেৱল সুৰক্ষিত বাসস্থান বিশুদ্ধ খোৱাপানী আৰু অনাময়ৰ সুব্যৱস্থা কৰি উদ্ধাৰ কৰক পিতৃ মাতৃহীনা দৰিদ্ৰ কণমানি পৰিয়ালটোক ।
