ভুৱা এছচি প্ৰমাণপত্ৰৰে চৰকাৰী চাকৰি


 

জলসিঞ্জন বিভাগৰ তেজপুৰ সংমণ্ডল আৰু নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুসূচিত জাতিৰ ভুৱা প্ৰমাণপত্ৰ ব্যৱহাৰ কৰি দুগৰাকী কৰ্মচাৰীয়ে সংৰক্ষিত পদবীত চাকৰি কৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ৷ এই চাকৰিয়াল দুগৰাকী হৈছে মালৱিকা বৰা আৰু চন্দন বৰকাকতি ৷ইয়াৰে মালৱিকা বৰা নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়ক হিচাপে কৰ্মৰত আৰু চন্দন বৰকাকতি জলসিঞ্চন বিভাগৰ তেজপুৰ সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত ৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে নগাঁও জিলা আয়ুক্ত আৰু নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে চন্দন বৰকাকতি আৰু মালৱিকা বৰাক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে ৷

সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে অভিযোগ উত্থাপন কৰি কয় যে, দুয়োগৰাকী কৰ্মচাৰী অনুসূচিত জাতিৰ লোক নহয় ৷ তেওঁলোকে জালিয়াতিৰে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ উলিয়াই প্ৰকৃতি অনুসূচিত জাতিৰ মেধাক বঞ্চিত কৰিছে ৷ ইতিমধ্যে চন্দন বৰকাকতিৰ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ বাতিল কৰিছে চিআইডিৰ প্ৰতিবেদনৰ ভিত্তিত সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনৰ উচ্চস্তৰীয় সমিতিয়ে ৷

নগাঁও জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে, জালিয়াতি কৰি জাতিগত প্ৰমাণপত্ৰ উলিওৱা দুয়োগৰাকী কৰ্মচাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হওঁক ৷ আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তক প্ৰদান কৰা স্মাৰকপত্ৰত সংগঠনটোৱে উল্লেখ কৰা মতে, মালৱিকা বৰাৰ পিতা হৈছে গুণৰাম বৰা ৷ পিতৃ গৃহ হৈছে নগাঁও জিলাৰ বটদ্রৱাৰ সৰুহিচাত৷ বৰ্তমান ঠিকনা হৈছে নগাঁও জিলাৰে হয়বৰগাঁৱৰ তেলীয়া গাঁও৷ মালৱিকা বৰাৰ পূৰ্বপুৰুষ অনুসূচিত জাতিৰ লোক নহয় যদিও অনুসূচিত জাতিৰ ভুৱা জাতিগত প্রমাণপত্ৰ ব্যৱহাৰ কৰি অনুসূচিত জাতিৰ (এছচি) সংৰক্ষিত পদত চাকৰি কৰি আছে। তেওঁ যে অনুসূচিত জাতিৰ লোক নহয় সেয়া দুখনকৈ পত্রই প্রমাণ কৰিছে।

অনুসূচিত জাতি পৰিষদৰ নগাঁও জিলা সমিতিয়ে ২৮/০৮/২০২৫ তাৰিখে NB/594/25 নম্বৰৰ পত্ৰ যোগে মালৱিকা বৰা যে অনুসূচিত জাতিৰ লোক নহয় সেই কথা জিলা উপায়ুক্তৰ কাৰ্যালয়ক অৱগত কৰিছে। আনহাতে অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনৰ নগাঁও জিলা সমিতিয়ে ১১/০৭/২০২৫ তাৰিখে নগাঁও জিলা আযুক্তক প্রদান কৰা পত্ৰত মালৱিকা বৰা কেঁওট সম্প্রদায়ৰ লোক বুলি স্পষ্ট কৰিছে।

Post a Comment

Previous Post Next Post