পলাশবাৰীত চাৰিলেন পথ নিৰ্মাণৰ নামত মাটি অধিগ্ৰহণত ব্যাপক অনিয়ম


 

কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মাজেৰে যোৱা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ তথা চাৰিলেনযুক্ত কৰাৰ কাম চলি থকাৰ মাজতে মাটিৰ অধিগ্ৰহণ আৰু ক্ষতিপূৰণ প্ৰদানৰ নামত এক বৃহৎ অনিয়ম আৰু বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অনিয়মৰ বিৰুদ্ধে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আবেদন কৰাৰ বাবে প্ৰশাসনে ভুক্তভোগীৰ ওপৰত প্ৰতিশোধমূলকভাৱে জোৰ-জুলুমকৈ উচ্ছেদ চলোৱাৰো এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে।

কোনো সদুত্তৰ আৰু ন্যায় লাভ নকৰি অৱশেষত ভুক্তভোগীয়ে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ ঘটনাই সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত চক্ৰটোৰ মাজত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, অভিযোগ অনুসৰি, এই সমগ্ৰ ঘটনা সংঘটিত হৈছে ছয়গাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ছয়গাঁও-পান্টান মৌজাৰ কুকুৰমাৰা গাঁৱত। স্থানীয় কৃষ্ণ দাস নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ নামত থকা খেৰাজ ম্যাদী পাট্টা নং ৩৪০, দাগ নং ৫৫৪ ৰ এটা অংশ আৰু পাট্টা নং ৬, দাগ নং ২৬ ৰ সমগ্ৰ ভূমিখিনি চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত অধিগ্ৰহণ কৰিছিল। ২০২৩ বৰ্ষতে এই ভূমিখিনিৰ জৰীপ সম্পন্ন কৰা হৈছিল।

কিন্তু আশ্চৰ্যজনকভাৱে, মাটিৰ প্ৰকৃত গৰাকী কৃষ্ণ দাসক কোনো ধৰণৰ জিৰাতৰ ধন আদায় নিদিয়াকৈয়ে, চৰকাৰী কাগজে-কলমে তেওঁ ধন লাভ কৰা বুলি দেখুওৱা হৈছে। পথ নিৰ্মাণ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI) আৰু ছয়গাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰী জড়িত থকা এই চক্ৰটোৱে কৃষ্ণ দাসৰ অজ্ঞাতে সমগ্ৰ ধন হৰলুকি কৰাৰ অভিযোগ উঠিছে।

আনকি মানুহজনৰ নামত নথকা ভূমিৰ ক্ষেত্ৰতো তেওঁৰ প্ৰকৃত ভূমিৰ দাগ আৰু পট্টা নম্বৰ ব্যৱহাৰ কৰি গোপনে ধন সৰকাই দিয়া হৈছে। ইয়াৰ পিছতে, কামৰূপ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ ভূমি অধিগ্ৰহণ শাখালৈ ছয়গাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা পত্ৰ প্ৰেৰণ কৰি জনোৱা হয় যে কৃষ্ণ দাসে ইতিমধ্যে জিৰাতৰ ধন লাভ কৰিছে। এই কথা বিশেষ সূত্ৰে জানিব পাৰি ভুক্তভোগী ব্যৱসায়ীজন হতভম্ব হৈ পৰে।

আনহাতে, প্ৰকৃত সত্য আৰু নিজৰ প্ৰাপ্য অধিকাৰ সাব্যস্ত কৰিবলৈ কৃষ্ণ দাসে যোৱা ১৬ মাৰ্চ ২০২৬ ত তথ্য জনাৰ অধিকাৰ আইন (RTI)-ৰ অধীনত কৰা আবেদন ছয়গাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰে। কিন্তু ৩ মাহ উকলি যোৱাৰ পিছতো কাৰ্যালয়টোৱে কোনো তথ্য প্ৰদান নকৰিলে। ইয়াৰ পিছত তেওঁ যোৱা ৫ মে’ ২০২৬ ত কামৰূপ জিলাৰ আয়ুক্তৰ (District Commissioner) কাৰ্যালয়তো RTI আবেদন দাখিল কৰে যদিও আয়ুক্ত কাৰ্যালয়েও কোনো তথ্য যোগান নধৰিলে। তথ্য যোগান ধৰাৰ বিপৰীতে, কেলেংকাৰীৰ সত্য লুকুৱাবলৈ প্ৰশাসনে যোৱা ২০ মে'ত জোৰ-জুলুমকৈ কৃষ্ণ দাস (হাজৰিকা)ৰ বাসগৃহত উচ্ছেদ অভিযান চলায়। এই অভিযানত তেওঁৰ চৌহদত থকা এটা মন্দিৰ, দেৱাল আৰু গছ-গছনি ইত্যাদি ভাঙি পেলোৱা হয

ইয়াৰ  পূৰ্বে যোৱা ৪ জুন ২০২৫ ত কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ে কৃষ্ণ দাস (হাজৰিকা)ৰ ঘৰত থকা বিস্কুট ফেক্টৰীৰ সঠিক জৰীপ কৰিবলৈ ছয়গাঁও চক্ৰ বিষয়া আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বকো সংমণ্ডলৰ মহাপ্ৰবন্ধকক নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু ক্ষুব্ধ ভুক্তভোগীৰ অভিযোগ অনুসৰি, এই বিষয়াসকলে নিজৰ গা বচাবলৈ জিলা আয়ুক্তৰ সেই নিৰ্দেশনাকো অংগুষ্ঠ প্ৰদৰ্শন কৰে। এই অন্যায়ৰ বিৰুদ্ধে ন্যায় বিচাৰি লোকজনে ইতিমধ্যে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক (SP) আৰু কামৰূপ জিলাৰ আয়ুক্তৰ ওচৰতো লিখিত গোচৰ তৰিছে।

স্থানীয় ৰাইজৰ মতে, কেৱল কৃষ্ণ দাসে নহয়, অঞ্চলটোৰ বহু দৰিদ্ৰ আৰু থলুৱা লোকৰ ক্ষেত্ৰত এই ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত জিৰাতৰ ধন আদায় দিয়াৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হৈছে। প্ৰশাসন আৰু চক্ৰ বিষয়াৰ পৰা কোনো সহাৰি নাপাই অৱশেষত ভুক্তভোগী কৃষ্ণ দাসে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ WP (C) 7341/2026 নম্বৰত এক গোচৰ ৰুজু কৰিছে।

এই বৃহৎ মাটি কেলেংকাৰী আৰু ধন হৰলুকি কৰা কাৰ্যৰ সৈতে প্ৰশাসনৰ কোন কোন শীৰ্ষ বিষয়া আৰু মধ্যভোগী দালাল চক্ৰ জড়িত হৈ আছে, তাৰ এক উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত হ'ব লাগে বুলি দাবী জনাইছে ভুক্তভোগী কৃষ্ণ দাসে। মহামান্য আদালতে এই ক্ষেত্ৰত এক উচিত তদন্তৰ নিৰ্দেশ দি দুৰ্নীতিগ্ৰস্ত চক্ৰটোক কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে তেওঁক সুবিচাৰ দিব বুলি আশাবাদী সমগ্ৰ ভুক্তভোগী পৰিয়ালটো।

Post a Comment

Previous Post Next Post