আহিব জাপানৰ আলহী, ন-ৰূপত সজাই তুলিছে গুৱাহাটী

 


অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাছি। ভাৰত-জাপান দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১ জুলাই, ২০২৬ৰ পৰা ৩ জুলাই, ২০২৬লৈ অসম ভ্ৰমণ কাৰ্যসূচীত ব্যস্ত থাকিব জাপানৰ প্ৰধানমন্ত্ৰী টাকাছি। 

মিত্ৰৰাষ্ট্ৰখনৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমনক লৈ গুৱাহাটী মহানগৰীত বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে। মহানগৰীখনক সজাই-পৰাই তোলা হৈছে নতুন ৰূপত। এই গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণসূচীক সফল কৰা তোলা আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যে বিভিন্ন চৰকাৰী বিভাগ, প্ৰশাসন-আৰক্ষীয়ে কাম অব্যাহত ৰাখিছে। 

ইতিমধ্যে এই ভ্ৰমণসূচীৰ বাবে কৰা প্ৰস্তুতিৰ বুজ লৈছে মন্ত্ৰী অশোক সিংঘলে। এই পৰিদৰ্শনৰ সময়ত মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ লগতে বিষয়াসকলৰ সৈতেও মিলিত হয় আলোচনাত।  

জাপানৰ প্ৰধানমন্ত্ৰী আগমনক লৈ গুৱাহাটীত বিশেষ তৎপৰতা। ন-ৰূপত সজাই পৰাই তোলা হৈছে মহানগৰীক। গুৱাহাটীৰ বিভিন্ন স্থানত ফুল, গছপুলি ৰোপন কৰা হৈছে, ষ্ট্ৰীট লাইট, ডিভাইডাৰসমূহ ৰং কৰা হৈছে। জালুকবাৰীত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ ল'লে মন্ত্ৰী অশোক সিংহালে। 

তদুপৰি তেওঁ সংশ্লিষ্ট বিভাগসমূহক প্ৰয়োজনীয় পদক্ষেপসমূহ গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। নিৰাপত্তা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, সৌন্দৰ্য্যবৰ্ধন, যান-বাহন ব্যৱস্থাপনা আদি দিশত গুৰুত্ব দিবলৈ কয় মন্ত্ৰী সিংহালে।

ইফালে, জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ অসম আগমনক লৈ ৰাজ্য চৰকাৰী কৰ্মচাৰী বিভাগৰ ৭০গৰাকী জ্যেষ্ঠ বিষয়াক দায়িত্ব অৰ্পণ কৰিছে। এই বিষয়াসকলক প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিবহন, ভ্ৰমণ, সকলো ব্যৱস্থাপনা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ নিৰ্দেশ দিছে। 

উল্লেখ্য যে, জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ ভাৰতলৈ এই ভ্ৰমণ হ’ব প্ৰথম চৰকাৰী ভ্ৰমণ, য’ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে বাৰ্ষিক ভাৰত-জাপান দ্বিপাক্ষিক শীৰ্ষ বৈঠকত অংশগ্ৰহণ কৰিব। এই ভ্ৰমণত তেওঁৰ সৈতে ৫০ জনতকৈ অধিক জাপানী উদ্যোগপতি আহিব। ইয়াৰ ভিতৰত আছে ছুজুকি মটৰ কৰ্প’ৰেচনৰ সভাপতি তোছিহিৰো ছুজুকিও। ইয়াৰ দ্বাৰা এই ভ্ৰমণৰ অৰ্থনৈতিক গুৰুত্ব স্পষ্ট হৈ পৰিছে।

নতুন দিল্লী বা মুম্বাইৰ দৰে মহানগৰসমূহৰ পৰিৱৰ্তে গুৱাহাটীত এই শীৰ্ষ বৈঠক আয়োজন কৰাৰ সিদ্ধান্তই ভাৰত-জাপান কূটনৈতিক সম্পৰ্কত এক প্ৰতীকী আৰু কৌশলগত পৰিৱৰ্তনৰ সূচনা কৰিছে। দক্ষিণ-পূব এছিয়ালৈ প্ৰৱেশদ্বাৰ হিচাপে অসমৰ ভৌগোলিক অৱস্থানে জাপানৰ “ফ্ৰী এণ্ড অ’পেন ইণ্ডো-পেচিফিক” কৌশলত এক কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। এই কৌশলৰ অংশ হিচাপে বংগোপ সাগৰক দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰা ঔদ্যোগিক কৰিড’ৰ গঢ়ি তোলাৰ সম্ভাৱনাও আছে।

ভাৰত আৰু জাপান দুয়োখন দেশে উত্তৰ-পূৰ্বাঞ্চলক আঞ্চলিক সংযোগ বৃদ্ধি কৰা আৰু অধিক স্থিতিশীল যোগান শৃংখল গঠন কৰাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে। জাপান ইণ্টাৰনেশ্যনেল ক’অপাৰেশ্যন এজেন্সি চমুকৈ JICAই ধুবুৰী-ফুলবাৰী সেতু আৰু গুৱাহাটীৰ পানী যোগান ব্যৱস্থাৰ দৰে বৃহৎ আন্তঃগাঁথনি প্ৰকল্পত বিনিয়োগ কৰি এই সহযোগিতা অধিক শক্তিশালী কৰিছে।

আনহাতে, এই গুৰুত্বপূৰ্ণ বৈঠকৰ সময়ত ছেমিকণ্ডাক্টৰ, নবীকৰণযোগ্য শক্তি, অটো ম’বাইল, যোগান শৃংখল আৰু আন্তঃগাঁথনি উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডত একাধিক চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে। আগন্তুক ১০ বছৰত ভাৰতত ১০ ট্ৰিলিয়ন ইয়েন বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে জাপানে, যাৰ এক উল্লেখযোগ্য অংশ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে ব্যয় কৰা হ’ব। তদুপৰি, ছুজুকি, ট’য়’টা আৰু ইট’চুৰ দৰে বৃহৎ প্ৰতিষ্ঠানসমূহৰ উপস্থিতিয়ে অসমক উন্নত উৎপাদন আৰু প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ জাপানৰ আগ্ৰহ স্পষ্ট কৰিছে।

উল্লেখযোগ্য যে, এই ভ্ৰমণৰ সফল আয়োজন অসমৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব। ইয়াৰ দ্বাৰা অসমক উন্নয়নমুখী আৰু অধিক বিনিয়োগ কৰিব পৰা অঞ্চল হিচাপে নতুনকৈ প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অধিক শক্তিশালী হ’ব। শান্তি চুক্তি, আন্তঃগাঁথনি উন্নয়ন আৰু জাগীৰোডত টাটাৰ ছেমিকণ্ডাক্টৰ ইউনিটৰ দৰে বৃহৎ বিনিয়োগে এই পৰিৱৰ্তনৰ দিশে খোজ দিয়াত বিশেষ সহায় কৰিছে। 

অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এই বৈঠকখন এতিয়া সফল আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰে এনেদৰেই প্ৰস্তুতি চলাইছে। এই বৈঠকৰ দ্বাৰা ভাৰত তথা উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য লাভাম্বিত হ’ব বুলি আশাবাদী সকলো। 

Post a Comment

Previous Post Next Post