কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সুচাৰুৰূপে সম্পন্ন হ'ল নীট ইউ জি পৰীক্ষা

 


প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছত পুনৰ অনুষ্ঠিত কৰা নীট ইউ জি পৰীক্ষা ২১ জুন ২০২৬ দেওবাৰে সুকলমে অনুষ্ঠিত হৈ যায়। প্ৰায় ২২ লাখৰো অধিক ছাত্ৰ- ছাত্ৰীয়ে এই পৰীক্ষা অৱতীৰ্ণ হয়। দেশৰ প্ৰতিটো পৰীক্ষা কেন্দ্ৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত কৰা হয় এই পৰীক্ষা। 

উল্লেখযোগ্য যে, কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কাঢ়া নিৰ্দেশ আৰু কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰণালয়ৰ বিশেষ তদাৰকত পুনৰ অনুষ্ঠিত কৰা নীট পৰীক্ষা এইবাৰ কোনো আঁসোৱাহ নোহোৱাকৈ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে তাৰ মাজতে দুই- এক স্থানত অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰো বাতৰি পোৱা হৈছে।

পৰীক্ষাৰ অন্তত সংবাদ মাধ্যমে পৰীক্ষাৰ্থীৰ অনুভৱ জানিব বিচৰাত তেওঁলোকৰ একাংশই কয় যে,বাকী বিষয় ঠিকে আছিল যদিও পদাৰ্থ বিজ্ঞানৰ প্ৰশ্নকাকত কিছু জটিল হোৱা বুলি কয়। এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, শিক্ষাৰ্থীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এক অভূতপূৰ্ব আৰু সংবেদনশীল পদক্ষেপ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

দেশজুৰি অনুষ্ঠিত হোৱা নীট (NEET-UG) পৰীক্ষাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে দিল্লী বিমানবন্দৰত ৪৫ মিনিট সময় অপেক্ষা কৰিবলগীয়া হয়। পৰীক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ যান-জঁটৰ সমুখীন নোহোৱাকৈ সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব পাৰে, তাৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।   

Post a Comment

Previous Post Next Post