প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক দেশৰ বাহিৰলৈ পঠিয়ামঃ অমিত শ্বাহ...


 

দেশৰ আভ্যন্তৰীণ সুৰক্ষাৰ অন্যতম প্ৰত্যাহ্বান ‘অবৈধ অনুপ্ৰৱেশ’। এই সমস্যাটো সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই সমস্যাটো সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি নিজ নিজ দেশলৈ পঠিয়াবলৈ এক অভিযান আৰম্ভ কৰিছে। 

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, দেশৰ বহু কেইখন ৰাজ্য চৰকাৰ আৰু নিৰাপত্তা সংস্থাসমূহৰ মাজত অধিক সমন্বয় স্থাপন কৰা হৈছে। চিনাক্তকণ, আটক আৰু বহিষ্কাৰ- এই তিনিটা মূল নীতিৰ ওপৰত ভিত্তি কৰি এই অভিযান আৰম্ভ কৰা হৈছে। আৰু এই অভিযানক সঠিকভাৱে ৰূপায়ন কৰিবলৈ তৃণমূল পৰ্যায়ত নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে। 

এই অভিযান তদাৰক কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্য ভ্ৰমণ কৰিছে। তেওঁ ৰাজস্থান, গুজৰাট আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিছে। শীঘ্ৰেই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে পশ্চিমবংগ ভ্ৰমণ কৰিব বুলিও জানিব পৰা গৈছে। তেওঁৰ পশ্চিমবংগ ভ্ৰমণৰ পূৰ্বে নিৰাপত্তা সংস্থাসমূহ আৰু ৰাজ্যৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব।

অবৈধ অনুপ্ৰৱেশ বন্ধ কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে সীমান্ত অঞ্চলত “Zero Infiltration” নীতি গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰী শ্বাহে সীমা সুৰক্ষা বাহিনীক নিৰ্দেশ দিছে যে যিদৰে দেশৰ পৰা নক্সালবাদ প্ৰায় সম্পূৰ্ণৰূপে শেষ কৰি দিয়া হৈছে, সেই একে দৃঢ়তাৰে অবৈধ অনুপ্ৰৱেশো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। লগতে সীমান্তত চলি থকা অবৈধ নিৰ্মাণসমূহ চিনাক্ত কৰি উচ্ছেদ কৰাৰ নিৰ্দেশো দিয়া হৈছে।

সীমান্ত অঞ্চলত জনসংখ্যাগত পৰিৱৰ্তনসমূহৰ তদন্ত আৰু তাৰ পৰা উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলাৰ বাবে এক উচ্চস্তৰীয় কমিটী ‘ডেম’গা্ৰাফিক মিছন’ গঠন কৰা হৈছে। এই কমিটীৰ অধ্যক্ষ হৈছে ন্যায়াধীশ প্ৰকাশ প্ৰভাকৰ মাওলেকাৰ। গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যে এই কমিটীৰ সৈতে বৈঠকত মিলিত হৈছে। 

কমিটীখনে সীমান্ত অঞ্চলত অবৈধ অনুপ্ৰৱেশৰ ফলত জনসংখ্যাৰ ভাৰসাম্যত হোৱা পৰিৱৰ্তনসমূহ অধ্যয়ন কৰি আছে। কমিটীখনে এবছৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব আৰু তাৰ ভিত্তিত নতুন কঠোৰ আইন বা নীতি প্ৰণয়ন কৰাৰ সম্ভাৱনা আছে। 

সীমাসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত কৰি তোলাৰ উদ্দেশ্যে “Smart Border Project” ঘোষণা কৰা হৈছে। ইয়াৰ অধীনত পাকিস্তান আৰু বাংলাদেশ সীমান্তত ড্ৰোন, ৰাডাৰ, আধুনিক থাৰ্মেল কেমেৰা আৰু ছেঞ্চৰৰ সহায়ত এক উন্নত প্ৰযুক্তিগত নেটৱৰ্ক গঢ়ি তোলা হৈছে। অনুপ্ৰৱেশ আৰু গৰু-চোৰাং বেহাৰ পথসমূহ চিনাক্ত কৰি সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে।

তদুপৰি, বাংলাদেশ সীমান্তত ফেঞ্চিং নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবঢ়োৱা হৈছে। শেহতীয়াকৈ পশ্চিমবংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত সীমা সুৰক্ষা বাহিনীক ফেন্সিঙৰ বাবে শ শ হেক্টৰ ভূমি হস্তান্তৰ কৰা হৈছে। ইয়াৰ ভিতৰত কৌশলগতভাৱে অন্যতম অতি গুৰুত্বপূৰ্ণ এলেকা শিলিগুৰি কৰিড’ৰ।

অনুপ্ৰৱেশকাৰী আৰু চোৰাং বেপাৰীসকলক কৰায়ত্ত্ব কৰিবলৈ BSFৰ অনুসন্ধান আৰু গ্ৰেপ্তাৰ কৰাৰ অধিকাৰক্ষেত্ৰ সীমান্তৰ পৰা ১৫ কিলোমিটাৰৰ পৰিৱৰ্তে ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কৈছে যে- চৰকাৰে দেশৰ প্ৰতিটো কোণৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি দেশৰ বাহিৰলৈ উভতাই পঠিয়াবলৈ বদ্ধপৰিকৰ।

তেওঁ লগতে কয় যে- যিসকল অনুপ্ৰৱেশকাৰীয়ে নিজে নিজৰ দেশলৈ উভতি যাব, তেওঁলোকৰ বিৰুদ্ধে ভাৰত চৰকাৰে কোনো আইনগত ব্যৱস্থা গ্ৰহণ নকৰে। এই উদ্দেশ্যে সীমান্ত অঞ্চলসমূহত ডিটেনশ্যন কেম্পসমূহো সক্ৰিয় কৰি তোলা হৈছে।

উল্লেখ্য যে, এই সমগ্ৰ অভিযানক অধিক ফলপ্ৰসূ কৰিবলৈ গৃহ মন্ত্ৰালয়ে কেৱল কেন্দ্ৰীয় বাহিনীৰ ওপৰত নিৰ্ভৰ কৰা নাই। স্থানীয় জিলা প্ৰশাসন, ৰাজ্যিক আৰক্ষী, জিলা উন্নয়ন বিষয়া আৰু পঞ্চায়ত পৰ্যায়ৰ কৰ্মচাৰীসকলৰ সৈতে মিলি এক শক্তিশালী আৰু সমন্বিত সুৰক্ষা নেটৱৰ্ক গঢ়ি তোলা হৈছে।

মন কৰিবলগীয়া যে, অবৈধ অনুপ্ৰৱেশকাৰী বিশেষকৈ অবৈধ বাংলাদেশীৰ বোজা কঢ়িয়াই আহিছে অসমে। সেয়েহে অসমক অবৈধ বিদেশীমুক্ত বা অবৈধ অনুপ্ৰৱেশকাৰীমুক্ত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।

Post a Comment

Previous Post Next Post