বটদ্ৰৱা সৰুহিছা মুকলি গাঁও নিৱাসী ধীৰেন বৰুৱাৰ দেওবাৰে নিজ বাসগৃহত বিয়োগ ঘটে। ৫৯ বছৰীয়া বৰুৱা বিগত কিছুবছৰ ধৰি শাৰিৰীক অসুস্থতাৰ বাবে গুৱাহাটীৰ চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰি আছিল।
সৰবৰহী, পৰোপকাৰী তথা সুন্দৰপুৰ যুৱক সংঘৰ সভাপতি ধীৰেন বৰুৱা গাঁওখনৰ সকলো সামজিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ সমাজ সেৱা আগবঢ়াইছিল। বিশেষকৈ কাতি বিহুৰ তুলসী তলৰ পৰম্পৰাগত নাম কীৰ্তনত বিশেষভাৱে জড়িত হৈ পৰম্পৰা ধৰি ৰখাত আগভাগ লৈছিল।
বটদ্ৰৱা অঞ্চলৰ সকলোৰে পৰিচিত ধীৰেন বৰুৱাৰ অকাল মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰিছে। বটদ্ৰৱা শ্ৰীশ্ৰী শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰয়াত উমা বৰুৱাৰ বৰপুত্ৰ চিৰকুমাৰ ধীৰেন বৰুৱাই মৃত্যুৰ সময়ত মাতৃ, কনিষ্ঠ ভাতৃ, ভগ্নী, বোৱাৰীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।
