ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহু এজন প্ৰতাৰকঃ ডোনাল্ড ট্ৰাম্প


 

বিশ্বৰ ইতিহাসৰ আটাইতকৈ নিৰ্দয় তথা স্বেচ্ছাচাৰী শাসক তথা নেতা এডল্ফ হিটলাৰ, জছেফ ষ্টেলিন, মাও ষ্টেলিন, এট্টিলা দ্য হুনৰ সৈতে নিজকে তুলনা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। নিজকে এই স্বেচ্ছাচাৰী শাসকসকলৰ সৈতে তুলনা কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে- এই শাসকসকলৰ বিশ্বব্যাপী প্ৰভাৱ নাছিল। কিন্তু ট্ৰাম্পৰ ক্ষমতা স্থানীয় পৰ্যায়তে কেৱল সীমাৱদ্ধ হৈ থকা নাছিল। ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, এই তথ্য নিউয়ৰ্ক টাইমছৰ সাংবাদিকসকলৰ এখন গ্ৰন্থত প্ৰকাশ পাইছে। 

ট্ৰাম্পে নিউয়ৰ্ক টাইমছৰ তৰফৰ পৰা কোৱা হৈছে যে- এগৰাকী ইতিহাসবিদৰ পৰা দুই পৃষ্ঠাৰ এখন নথি লাভ কৰিছিল। সেই নথিত কোৱা হৈছিল যে, এইসকল শাসকৰ বিশ্বব্যাপী প্ৰভাৱ নাছিল। আনহাতে ট্ৰাম্পৰ ক্ষমতা কেৱল স্থানীয় পৰ্যায়ত সীমাবদ্ধ নাছিল। পাছত জানিব পৰা গ’ল যে নথিখন কোনো ইতিহাসবিদে লিখা নাছিল। ইয়াক লিখিছিল বিখ্যাত গল্ফ খেলুৱৈ গেৰী প্লেয়াৰৰ লংটাইম কেডী-য়ে, যিয়ে ফ্ল’ৰিডাত গল্ফ খেলি থকা সময়ত ট্ৰাম্পক নিজৰ এই মূল্যায়ন জনাইছিল।

গ্ৰন্থখনৰ অনুসৰি, ট্ৰাম্পে কৈছে যে- “এই শাসক বা নেতাসকলে ভয়ৰ জৰিয়তে ক্ষমতা বজাই ৰাখিছিল। উল্লেখ্য যে, মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ইজৰাইৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক ‘প্ৰতাৰক’ বুলি অভিহিত কৰিছিল। কিতাপখনত ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি ট্ৰাম্পৰ পৰিবৰ্তনশীল মনোভাৱো প্ৰকাশ পাইছে। 

কিতাপখনত উল্লেখ থকা অনুসৰি, ট্ৰাম্পে নিজৰ শাসনকালৰ আৰম্ভণিৰ সময়ত এগৰাকী ব্যক্তিক কৈছিল যে- তেওঁ নেতান্যাহুৰ ইৰাণৰ বিৰুদ্ধে কৰা যুদ্ধত অংশ ল’ব নিবিচাৰে। তদুপৰি আন এগৰাকী উপদেষ্টাক তেওঁ কৈছিল যে- নেতান্যাহু এগৰাকী প্ৰতাৰক।

এই গ্ৰন্থ অনুসৰি, ফেব্ৰুৱাৰীত হোৱাইট হাউছৰ ছিটুৱেশ্যন ৰূমত অনুষ্ঠিত এক বৈঠকত নেতান্যাহুৱে ইৰাণৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰাৰ সপক্ষে ইজৰাইলৰ যুক্তিসমূহ উপস্থাপন কৰিছিল। আৰু ট্ৰাম্পে সেই পদক্ষেপক সমৰ্থন কৰাৰ সিদ্ধান্ত লৈছিল।

Post a Comment

Previous Post Next Post