কোনো নাহে পিছুৱাই! অধিক ভয়ংকৰ হ'ব আমেৰিকা-ইৰাণৰ যুদ্ধ


  

মধ্য প্ৰাচ্য পুনৰ উত্তপ্ত হৈ পৰিছে। ইৰাণ-আমেৰিকাৰ আক্ৰমণ পুনৰ ভয়ংকৰ হৈছে। সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে হৰমুজ জলপথ। হৰমুজত জাহাজ দেখিলেই ধ্বংস কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছে ইৰাণে। আমেৰিকাৰ এখন অত্যাধুনিক হেলিকপ্টাৰ ইৰাণে ধ্বংস কৰি দিয়াৰ পাছতে যুদ্ধ অধিক তীব্ৰতৰ হৈছে।

আমেৰিকাই বিগত দুটা দিনৰ ইৰাণত ভয়ংকৰ আক্ৰমণ অব্যাহত ৰাখিছে। ইৰাণেও শেহতীয়াকৈ আমেৰিকাৰ প্ৰত্যুত্তৰ দিয়া পৰ্ব আৰম্ভ কৰিছে। ইৰাণে আমেৰিকাৰ কেইবাটাও বিমান ঘাটিৰ লগতে ১৮টা গুৰুত্বপূৰ্ণ  সামৰিক প্ৰতিষ্ঠানক লক্ষ্য কৰি লৈছে। ইৰাণৰ সেনাবাহিনীৰ মতে, আমেৰিকাৰ আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে ইৰাণে এই প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে।

আনফালে একেৰাহে দ্বিতীয় দিনাও ইৰাণৰ ভিতৰৰ কেইবাটাও স্থানত বিমান আক্ৰমণ অব্যাহত ৰাখিছে আমেৰিকাই। আমেৰিকাই এই আক্ৰমণক “আত্মৰক্ষাৰ বাবে লোৱা ব্যৱস্থা” বুলি অভিহিত কৰিছে। ইৰাণৰ সংবাদ মাধ্যমৰ মতে এই আক্ৰমণৰ সময়ত দেশৰ দক্ষিণ অংশ আৰু পশ্চিম তেহৰাণত বিস্ফোৰণৰ শব্দ শুনা গৈছিল।

আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ শীৰ্ষ সামৰিক নেতৃত্বই বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ সামুদ্ৰিক  পথ বুলি গণ্য কৰা হৰমুজ জলদ্বীপ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কথা ঘোষণা কৰে। ইৰাণে সকলো জাহাজক এই অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।

Post a Comment

Previous Post Next Post