কোনো নাই আজি মমতাৰ কাষতে আপোন বুলিবলৈ..



 শনিৰ দশা চলিছে মমতাৰ! পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ কাষৰ পৰা আঁতৰি গৈছে ইজনৰ পাছত সিজন জ্যেষ্ঠ নেতা। বৃহস্পতিবাৰে মমতা বেনাৰ্জীৰ সংগ এৰিলে দলটোৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সদস্য প্ৰকাশ চিক বাড়াকে।

পুৱাই উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণলৈ প্ৰেৰণ কৰা এক পত্ৰত তৃণমূল কংগ্ৰেছৰ নেতাজনে ৰাজ্যসভাৰ সদস্য পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰে। তেওঁ এই পদত্যাগ স্বীকাৰ কৰি ল’বলৈ অনুৰোধ জনাই বাড়াইকে।

উল্লেখযোগ্য যে, ২০ জন সাংসদে মমতাৰ সংগ এৰাৰ পাছত ৰাজ্যসভাৰ ৩জনকৈ সাংসদে এইপৰ্যন্ত মমতাৰ কাষৰ পৰা আঁতৰি আহিছে। সুখেন্দু শেখৰ ৰায়ে ৰাজ্যসভাৰ সদস্য পদ প্ৰথমে ত্যাগ কৰিছিল, তাৰ পাছতে সুস্মিতা দেৱে বুধবাৰে তৃণমূল কংগ্ৰেছ আৰু ৰাজ্যসভাৰ সাংসদৰ পদ ত্যাগ কৰাৰ কথা সদৰী কৰিছিল। 

তাৰ পাছতে বৃহস্পতিবাৰে তৃতীয়গৰাকী তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ প্ৰকাশ চিক বাড়াইকে ৰাজ্যসভাৰ সদস্য পদ আৰু তৃণমূল কংগ্ৰেছ ত্যাগ কৰে। লোকসভাত তৃণমূল কংগ্ৰেছৰ ২৮জন সাংসদ থকাৰ বিপৰীতে ৰাজ্যসভাত তৃণমূলৰ ১১গৰাকী সাংসদ আছে।

শেহতীয়া পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হোৱা তৃণমূল কংগ্ৰেছে ৮০ খন আসন দখল কৰিছিল যদিও ইয়াৰে ৫৪জনে ইতিমধ্যে মমতা বেনাৰ্জীৰ নেতৃত্বক অস্বীকাৰ কৰিছে।

Post a Comment

Previous Post Next Post