- নগাঁও জিলাৰ ননৈত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷
- এগৰাকী ৯ বছৰীয়া কিশোৰী কামনাৰ বলি হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷
- প্ৰাপ্ত তথ্য অনুসৰি, ননৈ নাথ গাঁৱৰ প্ৰদীপ নাথ নামৰ (৫৫) বয়সীয়া লোকজনে বহু দিনৰে পৰা কিশোৰীগৰাকীক কু-কৰ্ম চলাই আহিছিল বুলি কিশোৰীগৰাকীৰ মাক-দেউতাকে জানিবলৈ দিয়ে ৷
- এই খবৰ বিয়পি পৰাৰ লগে লগে লম্পটটোৱে ৰাইজৰ ৰোষত পৰাৰ ভয়ত ননৈ আৰক্ষী পহৰা চকীত উপস্থিত হয় ৷
- ননৈ আৰক্ষীয়েও লম্পটটোক আটক কৰি জেৰা অব্যাহত ৰাখিছে ৷
- শতাধিক মহিলাই ননৈ আৰক্ষী চকীৰ চৌহদ উত্তাল কৰি লম্পটটোক কঠোৰৰ পৰা কঠোৰ শাস্তিৰ দাবী কৰে ৷
Tags:
National
