প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে নগাঁৱৰ নীলাক্ষী শইকীয়াৰ অভিলেখ

 


অসম বক্সিং সন্থাৰ উদ্যোগত আৰু ভাৰতীয় বক্সিং ফেডাৰেচনৰ তত্বাৱধানত শেহতীয়াকৈ গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামত প্ৰথমবাৰৰ বাবে সফলতাৰে সম্পন্ন হয় ‘কাজিৰঙা ৰাইন’ কাপ’ প্ৰফেছনেল বক্সিং লীগ। এই প্ৰতিযোগিতাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ৰেফাৰী পৰীক্ষাত অৱতীৰ্ণ হৈ নগাঁৱৰ নীলাক্ষী শইকীয়াই উজলিবলৈ সক্ষম হৈছে। তেওঁ এই পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁও জিলাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে পৰিগণিত হয় আৰু জিলাখনলৈ এক অভূতপূৰ্ব গৌৰৱ কঢ়িয়াই আনে।

উল্লেখ্য যে, নীলাক্ষী শইকীয়াৰ এই সফলতাই নগাঁৱৰ ক্ৰীড়া জগতলৈ এক নতুন মাত্ৰা আনিছে। তেওঁ জিলাখনৰ প্ৰথমগৰাকী ৰাষ্ট্ৰীয় মহিলা বক্সিং ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰিছে। অসমত প্ৰথমবাৰৰ বাবে আয়োজিত এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি প্ৰতিযোগিতাত দেশৰ বিভিন্ন প্ৰান্তৰ ১১ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলে অংশগ্ৰহণ কৰিছিল।

 আনফালে, এই প্ৰতিযোগিতাই উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশৰ উদীয়মান বক্সাৰসকলক এক বৃত্তিমূলক মঞ্চ প্ৰদান কৰাৰ লগতে ৰেফাৰী তথা অফিচিয়েলসকলৰ বাবেও ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দক্ষতা প্ৰমাণ কৰাৰ এক সুবৰ্ণ সুযোগ কঢ়িয়াই আনিছে। নীলাক্ষী শইকীয়াৰ এই সফলতাত নগাঁৱৰ ক্ৰীড়াপ্ৰেমী ৰাইজৰ লগতে বিভিন্ন ক্ৰীড়া সংগঠনে আনন্দ প্ৰকাশ কৰিছে।

Post a Comment

Previous Post Next Post