ডবকাত ১৪ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ


 

হোজাই জিলাৰ ডবকাত আৰক্ষী আৰু মীন বিভাগৰ যুটীয়া অভিযানত জব্দ কৰে এক বৃহৎ পৰিমাণৰ নিষিদ্ধ থাইলেণ্ড মাগুৰমাছ। ডিমাপুৰলৈ সৰবৰাহ কৰাৰ উদ্দেশ্যে এখন বাহনত কঢ়িয়াই নি থকা অৱস্থাতে ডবকা আৰক্ষীয়ে অভিযান চলাই ১৪ কুইণ্টল ওজনৰ এই নিষিদ্ধ মাছখিনি জব্দ কৰিবলে সক্ষম হয়। ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে দুজনক আটক কৰিছে।

উল্লেখ্য যে,মানৱ স্বাস্থ্য আৰু থলুৱা মৎস্য প্ৰজাতিৰ বাবে চৰম ভাবুকি কঢ়িয়াই অনা এই মাছখিনি মীন বিভাগৰ উপস্থিতিত আইনগতভাৱে মাটিত গাঁতত পুতি থয়। প্ৰাপ্ত তথ্য অনুসৰি, মধ্য অসমৰ বিভিন্ন গোপন পুখুৰীৰ পৰা এই নিষিদ্ধ মাছসমূহ উৎপাদন কৰি সদায় ৰাজ্যৰ বহিঃৰাজ্যলৈ সৰবৰাহ কৰা এক বৃহৎ চক্ৰ সক্ৰিয় হৈ পৰিছে। মংগলবাৰে নিশা ডবকা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা তালাচীত ডিমাপুৰ অভিমুখী বাহনখনৰ পৰা এই  নিষিদ্ধ থাইলেণ্ড মাছখিনি জব্দ কৰে।

ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নিৰ্দেশ মৰ্মে থাইলেণ্ড মাগুৰ পালন আৰু বিক্ৰী সমগ্ৰ দেশতে সম্পূৰ্ণৰূপে নিষিদ্ধ। এই মাছে থলুৱা মৎস্য প্ৰজাতিক খাই ধ্বংস কৰাৰ লগতে ইয়াৰ ব্যৱহাৰে মানুহৰ শৰীৰত কৰ্কট ৰোগৰ দৰে মাৰাত্মক ব্যাধিৰ সৃষ্টি কৰিব পাৰে। ইপিনে স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, মধ্য অসমৰ কেইবাটাও অঞ্চলত মীন বিভাগৰ চকুৰ সমুখতেই একাংশ অসাধু ব্যৱসায়ীয়ে এই মাৰাত্মক মাছৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। ডবকা আৰক্ষীয়ে বৰ্তমান ধৃত সৰবৰাহকাৰী দুজনক জেৰা চলাই এই চক্ৰটোৰ মূল খনিকৰসকলক কৰায়ত্ত কৰিবলৈ তদন্ত অব্যাহত ৰাখিছে।

Post a Comment

Previous Post Next Post