ঐতিহ্যমণ্ডিত শিৱসাগৰ জিলাৰ অগ্ৰণী উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান গড়গাঁও মহাবিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° দেৱযানী বকলীয়ালৰ ‘ঠুনুকা তৰাৰ মাত’ শীৰ্ষক এখন ব্যতিক্ৰমী দৃশ্য-শ্ৰব্য-পাঠ্য কাব্য সংকলন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গ্ৰন্থখন উন্মোচন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা বিশিষ্ট নিবন্ধকাৰ,কবি,সমালোচক ড° সব্যসাচী মহন্তই।
মুদ্ৰিত কাব্যগ্ৰন্থত এনেধৰণৰ দৃশ্য-শ্ৰব্য ব্যৱস্থাৰ সংযোজন অসমীয়া কাব্য-চৰ্চাৰ জগতত এক সম্পূৰ্ণ নতুন আৰু প্ৰশংসনীয় প্ৰয়াস। উন্মোচক ড° মহন্তই ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে,এই কাব্যগ্ৰন্থখনিত প্ৰযুক্তিৰ ব্যৱহাৰেৰে এক অভিনৱত্ব প্ৰদান কৰা হৈছে। গ্ৰন্থখনত থকা QR ক’ড স্কেন কৰি পাঠকে কবিৰ নিজ কণ্ঠৰ আবৃত্তি উপভোগ কৰিব পাৰিব। ইয়াৰ ফলত একে সময়তে কবিতা পঢ়াৰ লগতে দৃশ্য আৰু শ্ৰব্য মাধ্যমৰ জুতি ল’বলৈ সক্ষম হ’ব পাঠকে।
ইপিনে কাব্য সংকলনখনৰ আঁৰৰ কথা বৰ্ণনা কৰি কবি ড° দেৱযানী বকলীয়ালে সংশ্লিষ্ট সকলোলৈকে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ জানিবলৈ দিয়ে যে ছপা সংস্কৰণৰ উপৰিও বিশ্বৰ যিকোনো প্ৰান্তৰ পাঠকে ইণ্টাৰনেটৰ জৰিয়তে পঢ়িব পৰাকৈ এই গ্ৰন্থখন ডিজিটেল সংস্কৰণ বা ই-বুক ৰূপেও প্ৰকাশ কৰা হৈছে। আগ্ৰহী পাঠকে ‘গুগল প্লে বুক’ৰ জৰিয়তে গ্ৰন্থখন ক্ৰয় কৰি পঢ়িব পাৰিব।
উল্লেখযোগ্য যে, গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° অংকুৰ দত্তই সুচাৰুৰূপে আঁত ধৰা এই উন্মোচনী অনুষ্ঠানত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। লগতে মহাবিদ্যালয়খনৰ বিভিন্ন বিভাগৰ অধ্যাপক-অধ্যাপিকা, অনা-শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী তথা অঞ্চলটোৰ বহুসংখ্যক সাহিত্যানুৰাগী আৰু শুভাকাংক্ষী ব্যক্তি এই পবিত্ৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি কবি ড° দেৱযানী বকলীয়ালৰ এই নতুন সৃষ্টি কাৰ্যক ভূয়সী প্ৰশংসা কৰে।
