ধেমাজি যুৱ সমাজৰ উদ্যোগত ধেমাজি জিলা বন বিভাগ আৰু ‘অৰণ্য মানৱ’পদ্মশ্ৰী যাদৱ পায়েঙৰ সৰ্বাত্মক সহযোগত সোমবাৰে ধেমাজিত এক বৃহৎ পৰিৱেশ অনুকূল প্ৰকল্পৰ সূচনা কৰে। প্ৰকৃতিপ্ৰেমী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ধেমাজিৰ বান আৰু খহনীয়াগ্ৰস্ত জীয়াঢল নদীৰ সমীপৱৰ্তী অঞ্চলৰ প্ৰায় ১০০ হেক্টৰ মাটিত বনানীকৰণৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। এই অভিলাষী প্ৰকল্পটোৰ সোমবাৰে আনুষ্ঠানিকভাৱে গছপুলি ৰোপণ কৰি শুভ উদ্বোধন কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উল্লেখ্য যে, মূল কাৰ্যসূচী আৰু গছপুলি ৰোপণৰ পূৰ্বে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।লগতে উদ্বোধনী ভাষণত শিক্ষামন্ত্ৰীগৰাকীয়ে এই পদক্ষেপক আদৰণি জনাই ইয়াৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশসমূহৰ ওপৰত আলোকপাত কৰে। এই বনানীকৰণ প্ৰকল্পৰ মূল উদ্দেশ্যসমূহ হৈছে ক্ৰমে-
১.প্ৰকৃতিপ্ৰেমী শিল্পী জুবিন গাৰ্গক এক ব্যতিক্ৰমী তথা স্থায়ী শ্ৰদ্ধা নিৱেদন কৰা
২.যুৱ প্ৰজন্মক প্ৰাকৃতিক পৰিৱেশৰ প্ৰতি সজাগ আৰু দায়বদ্ধ কৰি তোলা
৩.প্ৰাকৃতিক ভাৰসাম্য আৰু জৈৱ-বৈচিত্ৰ্য ৰক্ষা কৰাৰ লগতে বন্যপ্ৰাণীক সুৰক্ষিত আশ্ৰয় প্ৰদান কৰা
৪.জীয়াঢল নদীৰ ভয়াৱহ গৰাখহনীয়া ৰোধ কৰি নামনি অঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নিশ্চিত কৰা
৫.গোলকীয় উষ্ণতা নিয়ন্ত্ৰণ কৰা আৰু পৰম্পৰাগত ঔষধি উদ্ভিদসমূহ সংৰক্ষণ কৰা
৬.ভৱিষ্যতে অঞ্চলটোক এক আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা
আনফালে,পৰিৱেশ সুৰক্ষাৰ এই বৃহৎ অনুষ্ঠানটোত ধেমাজি জিলা প্ৰশাসন, বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে জিলাখনৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ ভিতৰত জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুধাকৰ সিং, জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিতুপন নেওগ আৰু অতিৰিক্ত আয়ুক্ত ৰাজীৱ সোনোৱাল অন্যতম। ইয়াৰ লগতে ধেমাজি জিলা পৰিষদৰ সদস্য লক্ষীধৰ শেনচোৱা, ধেমাজি জিলা বন সংমণ্ডল বিষয়া মনোৰঞ্জন বৰ্মন,আঞ্চলিক বন বিষয়া ঋতুৰাজ শৰ্মা, ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা, মহকুমা স্বাস্থ্য বিষয়া ডাঃ যোগেন দাস, ধেমাজি চিটি কলেজৰ অধ্যক্ষ ড° দীপক বৰগোহাঁই উপস্থিত থাকে।
ইপিনে শিক্ষা আৰু সংবাদ ক্ষেত্ৰৰ পৰা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কন্দৰ্প তামুলী, ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা বন্দনা দত্ত হাজৰিকা, মাডাৰ্চ প্ৰাইড স্কুলৰ সঞ্চালক বিজয় দাস, ধেমাজি প্ৰেছ ক্লাবৰ সভাপতি অশ্বিনী কুমাৰ দুৱৰা, বিষ্ণুপুৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰষাৰাণী দত্ত বৰা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য বিতু শইকীয়া আদিকে ধৰি বহুকেইজন স্থানীয় ৰাইজে কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, সভাৰ আৰম্ভণিতে ধেমাজি যুৱ সমাজৰ সভাপতি জ্যোতিষ কোচ, কাৰ্যকৰী সভাপতিদ্বয় সঞ্জয় দত্ত আৰু ৰূপজ্যোতি কোঁৱৰ তথা সাধাৰণ সম্পাদকদ্বয় শৈলেন সোনোৱাল আৰু দিতুল চুতীয়াই উপস্থিত আমন্ত্ৰিত অতিথি তথা বিষয়াসকলক একোখনকৈ ফুলাম গামোচাৰে উষ্ম আদৰণি জনায়। লগতে এই বিশেষ পদক্ষেপক ধেমাজিবাসীৰ লগতে সমগ্ৰ অসমৰ সচেতন মহলে ভূয়সী প্ৰশংসা কৰে।
