নামৰূপৰ সাৰ কাৰখানাৰ চতুৰ্থ গোটত থলুৱাক ১০০% নিযুক্তিৰ দাবী ২৫ সংগঠনৰ


 

নামৰূপৰ ঐতিহাসিক সাৰ কাৰখানাৰ চতুৰ্থটো গোট অৰ্থাৎ ‘অসম ভেলী ফাৰ্টিলাইজৰ এণ্ড কেমিকেল কোম্পানী লিমিটেড’নামৰ নতুন প্ৰকল্প স্থাপনককেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি। নতুন প্ৰকল্পটোত স্থানীয় থলুৱা যুৱক-যুৱতীৰ কৰ্মসংস্থাপন আৰু নিৰ্মাণ কাৰ্যৰ গুণগত মানদণ্ড সুনিশ্চিত কৰাৰ দাবীত নামৰূপৰ ২৫ টা সংগঠনৰে গঠিত ‘নামৰূপ সুৰক্ষা মঞ্চ’ৰ নেতৃত্বত সাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে-কাৰ্ড লৈ কাৰখানা কৰ্তৃপক্ষ তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে। ‘আমাৰ দাবী মানিবই লাগিব’,‘যোগ্যতাৰ ভিত্তিতহে স্থানীয় থলুৱাক নিযুক্তি দিবই লাগিব’আদি বিভিন্ন চৰকাৰবিৰোধী শ্ল’গানেৰে একাংশ প্ৰতিবাদকাৰী যুৱকে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে।

উল্লেখ্য যে, সংবাদ মাধ্যমৰ সন্মুখত সুৰক্ষা মঞ্চৰ মুখ্য উপদেষ্টা তিলেশ্বৰ বৰাই কয় যে, নামৰূপৰ এই ঐতিহাসিক কাৰখানাটোৰ সুৰক্ষা আৰু নতুন গোটটোৰ বাবে অঞ্চলটোৰ ৰাইজে বিগত ২০ বছৰ ধৰি ধাৰাবাহিকভাৱে সংগ্ৰাম চলাই আহিছে। নামৰূপবাসীৰ ত্যাগ আৰু দীৰ্ঘদিনৰ সংগ্ৰামৰ ফচল স্বৰূপ এই নতুন প্ৰকল্পটোত কোনো কাৰণতে থলুৱাৰ অধিকাৰ খৰ্ব হ’বলৈ দিয়া নহ’ব। এই সন্দৰ্ভত সংগঠনটোৰ তৰফৰ পৰা কাৰখানা কৰ্তৃপক্ষৰ ওচৰত মূলতঃ তিনিটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে। লগতে নতুন গোটটোত যোগ্যতাৰ ভিত্তিত স্থানীয় অভিযন্তা, ডিপ্লমাধাৰী, আই.টি.আই উত্তীৰ্ণ আৰু অনা-কাৰিকৰী যুৱক-যুৱতীসকলক এশ শতাংশই নিয়োগ কৰিব লাগিব।
স্থানীয় যোগ্য প্ৰাৰ্থীসকলৰ বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, নিকা আৰু শৃংখলাবদ্ধ হ’ব লাগিব। কেৱল স্থায়ী চাকৰিয়েই নহয়, কাৰখানাটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰযোজনীয় ঠিকাদাৰী কাম-কাজ আৰু অন্যান্য ব্যৱসায়িক সা-সুবিধাসমূহো অগ্ৰাধিকাৰ ভিত্তিত যোগ্য আৰু অভিজ্ঞ স্থানীয় ঠিকাদাৰক প্ৰদান কৰিব লাগিব। 

আনফালে, সুৰক্ষা মঞ্চৰ নেতাগৰাকীয়ে উল্লেখ কৰে যে- "এই কাৰখানাটো কেৱল এটা উদ্যোগ নহয়, ই নামৰূপবাসীৰ হৃতপিণ্ড। ইয়াৰ অবিহনে নামৰূপ জীয়াই থকাটো অসম্ভৱ।" ইয়াৰ উপৰিও তেওঁ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ ১০০ মেগাৱাটৰ NRPP প্ৰকল্পৰ দোহাই দি কয় যে, অপেছাদাৰী ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই অসমৰ অতি প্ৰত্যাশিত এটা প্ৰকল্প নিৰ্মাণৰ পিছতেই খহি পৰিছিল। সেই দুৰ্ভাগ্যজনক দিনটো নামৰূপবাসীয়ে কেতিয়াও পাহৰা নাই। তেওঁ কৰ্তৃপক্ষক চৰম সঁকীয়নি দি কয় যে, নামৰূপৰ নতুন গোটটোৰ নিৰ্মাণ কাৰ্যত যদি কোনো ধৰণৰ নিম্নমানৰ সামগ্ৰী বা দুৰ্বল আন্তঃগাঁথনি ব্যৱহাৰ কৰা হয়, তেন্তে নামৰূপৰ ৰাইজে তাক তিলমাত্ৰও সহ্য নকৰে। 

প্ৰকল্পটো উচ্চ মানদণ্ডৰ আৰু নিখুঁত হ’বই লাগিব, অন্যথা পৰৱৰ্তী সময়ত হ’বলগীয়া যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে কাৰখানা কৰ্তৃপক্ষ আৰু চৰকাৰ সম্পূৰ্ণ জগৰীয়া হ’ব। স্থানীয় ৰাইজৰ এই তীব্ৰ প্ৰতিবাদ আৰু ২৪ ঘণ্টীয়া চৰম সকীয়নিৰ পিছত এতিয়া নতুন কাৰখানা কৰ্তৃপক্ষ আৰু ৰাজ্য চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষ্যণীয় হ’ব।

Post a Comment

Previous Post Next Post