শিৱসাগৰ জিলাৰ পৰা একমাত্ৰ মন্ত্ৰী হিচাপে সুশান্ত বৰগোহাঁইয়ে ক্ষন্তেক পিছতেই শপতগ্ৰহণ কৰিব ৷ শপতগ্ৰহণ অনুষ্ঠানলৈ ক্ষন্তেক সময় বাকী থকা অৱস্থাত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ জনসাধাৰণ উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ৷
নৱগঠিত চৰাইদেউ জিলাক সামৰি শিৱসাগৰ জিলাৰ কোনগৰাকী বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰিব তাকলৈ দুয়োখন জিলাৰ জনসাধাৰণৰ মাজত সৰৱ আলোচনা চলিছিল ৷ উল্লেখ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ শিৱসাগৰ সমষ্টিৰ বাদে বাকী চাৰিটা বিধানসভা সমষ্টি শাসকীয় বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হয় ৷ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমটো কাৰ্যকালত মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন মন্ত্ৰী হিচাপে স্থান লাভ কৰিছিল যদিও ইতিপূৰ্বে যোগেন মহন ৰাজ্যসভাৰ সাংসদ ৰূপে নিৰ্বাচিত হয় ৷ চৰাইদেউ আৰু শিৱসাগৰ জিলৰ পৰা এই মন্ত্ৰীসভাত একোগৰাকীকৈ দুগৰাকী বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰিব বুলি জনসাধাৰণে আশা প্ৰকাশ কৰিছিল যদিও ইতিপূৰ্বে সম্পন্ন হৈ যোৱা নিৰ্বাচনত বিজেপি আৰু মিত্ৰদলৰ বৃহৎ সংখ্যক প্ৰতিনিধি নিৰ্বাচনত জয়ী হোৱাৰ বাবে শিৱসাগৰ আৰু চৰাইদেউ জিলৰ ভিতৰত সুশান্ত বৰগোহাঁয়েহে মন্ত্ৰী হিচাপে স্থান লাভ কৰাটো নিশ্চিত হৈ পৰিল ৷
ইফালে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিধায়ক সকলৰ ভিতৰত ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই সবাটোকৈ প্ৰবীন ৷ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি সুশান্ত বৰগোহাঁয়ে বিজেপিৰ প্ৰাৰ্থী কুশল দুৱৰীক বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা সহিতে বিজেপি নেতাৰ লগত থকা নিবিড় সম্পৰ্কৰ বাবে সুশান্ত বৰগোহাঁয়ে কংগ্ৰেছ দল ত্যাগ কৰাৰ লগতে বিধায়ক পদো ত্যাগ কৰে ৷ পৰৱৰ্তী সময়ত থাওৰা সমষ্টিত হোৱা উপনিৰ্বাচনত তেওঁ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত কৰে ৷ সেই সময়তেই সুশান্ত বৰগোহাঁইক মন্ত্ৰীসভাত স্থান দিব বুলি সকলোৱে ধাৰণা কৰিছিল যদিও বাস্তৱত তেওঁ যোৱা পাঁচটা বছৰ বিধায়ক হৈয়ে সময় পাৰ কৰিব লগাত পৰে ৷
ইতিপূৰ্বে সম্পন্ন হোৱা বিধানসভা নিৰ্বাচনত ৯৫ নং ডিমৌ সমষ্টিত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সুশান্ত বৰগোঁহাই বৃহৎ পৰিমাণৰ ভোটত জয়ী হয়। সুশান্ত বৰগোঁহাইয়ে ৮৯৬৮১ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে ৫৬১৫৩ টা ভোট লাভ কৰিবলৈ সক্ষম হয় ৷ বিজেপিত যোগ দিবলৈ গৈ কংগ্ৰেছৰ বিধায়ক পদ ত্যাগ কৰা সুশান্ত বৰগোহাঁয়ে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰৰ দ্বিতীয়টো কাৰ্যকালৰ মন্ত্ৰীসভাৰ প্ৰথমখন তালিকাত স্থান লাভ নকৰিলে যদিও ক্ষন্তেক পিছতেই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাটো নিশ্চিত হৈ পৰিল ৷




