বিশ্ব পৰিৱেশ দিৱসৰ দিনাই জোনাইত বিদ্যুৎস্পৃষ্ট হৈ এটি বন্যহস্তীৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, জোনাইৰ একমাত্ৰ বৰ্ষাৰণ্য পবা প্ৰস্তাৱিত বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটি বন্যহস্তী বৃহস্পতিবাৰে নিশা লুহিজান গাঁৱত প্ৰৱেশ কৰে। হাতীটোৱে স্থানীয় বাসিন্দা পূৰ্বেশ্বৰ কছাৰীৰ ভঁৰালত মজুত ধান খাবলৈ যোৱাৰ সময়তে ভঁৰালৰ কাষত সংযোগ কৰি ৰখা বিদ্যুতৰ তাঁৰত স্পৰ্শ কৰে।
ফলত হাতীটো গুৰুতৰভাৱে বিদ্যুৎস্পৃষ্ট হয় আৰু ঘটনাস্থলীতেই মৃত্যুমুখত পৰে। ঘটনাটোৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত শোকৰ ছাঁ পৰে আৰু বন বিভাগৰ কৰ্মচাৰীসকল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
ইফালে, পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত সক্ৰিয় সংগঠন ‘ছেভ পবা ৰেইন ফৰেষ্ট’-এ ঘটনাটোক গভীৰ উদ্বেগজনক বুলি অভিহিত কৰি বন্যহস্তীৰ মৃত্যুৰ আঁৰৰ কাৰণসমূহৰ নিৰপেক্ষ আৰু পূৰ্ণাঙ্গ তদন্তৰ দাবী জনাইছে। সংগঠনটোৱে দোষী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ লগতে মানুহ-বন্যপ্ৰাণী সংঘাত হ্ৰাসৰ বাবে ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে।
উল্লেখ্য যে, খাদ্যৰ সন্ধানত পবা অৰণ্যৰ পৰা প্ৰায়ে হাতীৰ জাক জনবসতিপূৰ্ণ অঞ্চললৈ ওলাই আহে। এনে পৰিস্থিতিত বন্যপ্ৰাণীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে স্থানীয় বাসিন্দাসকলৰ জীৱন-সম্পত্তি ৰক্ষাৰ বাবে দীৰ্ঘম্যাদী ব্যৱস্থাৰ প্ৰয়োজনীয়তা পুনৰবাৰ অনুভূত হৈছে।
