ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । প্ৰতিদিনাই পোহৰলৈ আহে হাতী-মানুহৰ সংঘাতৰ ন ন বাতৰি । কেতিয়াবা যদি বন্যহস্তীৰ জাকে ভাঙিছে আপোন ঘৰখন, আন কেতিয়াবা আকৌ হাতীৰ জাকে খাই তহিলং কৰিছে কষ্টৰে কৰা খেতিয়কৰ খতিডৰা।
উল্লেখ্য যে, এইবাৰ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত গেন্ধালীত দিন-দুপৰতে হাতী-মানুহৰ সংঘাতে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অঞ্চলটোত এটা বনৰীয়া হাতীয়ে দিনতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে এজন ব্যক্তিক লক্ষ্য কৰি আক্ৰমণ কৰে। বন্যহস্তীটোৰ এই আক্ৰমণৰ পৰা এজন ভাঙা লোহা-টিঙৰ বেপাৰীৰ কথমপি প্ৰাণৰক্ষা পৰে ।
প্ৰাপ্ত তথ্য অনুসৰি, বাহাৰুল ইছলাম নামৰ ব্যৱসায়ীজনে এখন হাতেৰে টনা ঠেলা গাড়ীত ভঙা লোহা আৰু টিনৰ সামগ্ৰী বোজাই কৰি বৰদল অঞ্চলৰ পৰা চামগুৰি অভিমুখে গৈ আছিল। ঠিক সেই সময়তে গেন্ধালী অংশত হঠাতে এটা প্ৰকাণ্ড বন্যহস্তী পথৰ কাষৰ পৰা ওলাই আহে আৰু বাহাৰুলক লক্ষ্য কৰি খেদি আহে। ইপিনে উদণ্ড বন্যহস্তীটোৱে বাহাৰুল ইছলামৰ লোহা আৰু টিন কঢ়িয়াই নিয়া ঠেলা গাড়ীখন ভৰিৰে গছকি আৰু শুঁৰেৰে আছাৰি সম্পূৰ্ণৰূপে ভাঙি লণ্ড-ভণ্ড কৰে। হাতীটোৱে পোনপটীয়াভাৱে আক্ৰমণ কৰিবলৈ খেদি অহা প্ৰত্যক্ষ কৰি বাহাৰুলে ঠেলা গাড়ীখন তাতে এৰি প্ৰাণৰক্ষাৰ বাবে সেই স্থানৰ পৰা পলায়ণ কৰে। অৱশেষত তেওঁ বন্যহস্তীটোৰ কৱলৰ পৰা কথমপি নিজৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়।
আনফালে, স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যে- অঞ্চলটোত হাতী-মানুহৰ সংঘাত দিনক-দিনে বৃদ্ধি পাইছে, যাৰ বাবে এতিয়া সাধাৰণ ৰাইজে দিনৰ পোহৰতো ওলাই যাবলৈ ভয় কৰিবলগীয়া হৈছে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে বন বিভাগক অৱগত কৰিছে আৰু অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে হাতী খেদি পঠিয়াবলৈ জৰুৰী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
