নতুন দিল্লীত সশস্ত্ৰ সীমাবলৰ সৈতে চুক্তিবদ্ধ ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়


 

শিক্ষা মাধ্যমৰ জৰিয়তে ৰাষ্ট্ৰগঠনৰ প্ৰতি নিজৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটীস্থিত ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। নতুন দিল্লীৰ আৰ.কে.পুৰমস্থিত সশস্ত্ৰ সীমাবলৰ সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত দুয়োটা পক্ষৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰিত হয়।

এই ঐতিহাসিক চুক্তিখনত সশস্ত্ৰ সীমাবলৰ হৈ প্ৰশাসন বিভাগৰ মহাপৰিদৰ্শক সমিত যোশী আৰু ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ হৈ প্ৰশাসনিক পঞ্জীয়ক প্ৰফেচৰ (ড.) ডি. এন. সিঙে স্বাক্ষৰ কৰে। এই গুৰুত্বপূৰ্ণ স্বাক্ষৰ গ্ৰহণ অনুষ্ঠানত SSB-ৰ উপ-মহাপৰিদৰ্শক ৰাজেশ টিক্কু, কমাণ্ডেণ্ট শংকৰ সিং, উপ-কমাণ্ডেণ্ট সুনীল কুমাৰৰ লগতে দুয়োটা প্ৰতিষ্ঠানৰে কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে, এই চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি SSB-ৰ মহাপৰিদৰ্শক সমিত যোশীয়ে এই সহযোগিতাক সশস্ত্ৰ সীমাবলৰ কৰ্মচাৰীসকলৰ পৰিয়ালবৰ্গৰ বাবে শিক্ষাৰ সুযোগ সম্প্ৰসাৰণৰ এক অৰ্থবহ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে ,এই অংশীদাৰিত্বই বৰ্তমান কৰ্তব্যৰত আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালবৰ্গৰ উচ্চশিক্ষাৰ আকাংক্ষাক সমৰ্থন কৰাৰ এক যৌথ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে।

আনফালে, এই বুজাবুজি চুক্তিৰ অধীনত অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে প্ৰতিৰক্ষা বাহিনীৰ পৰিয়ালসমূহৰ বাবে বিশেষভাৱে দুখন কল্যাণকামী বৃত্তি আঁচনি ঘোষণা কৰিছে। এই বৃত্তিসমূহ সেৱাৰত থকা আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মচাৰী, প্ৰাক্তন সেনা, বিশেষভাৱে সক্ষম কৰ্মচাৰী আৰু কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা জোৱানসকলৰ সন্তান তথা নিৰ্ভৰশীলসকলৰ বাবে প্ৰযোজ্য হ’ব। আঁচনি দুখন  হৈছে - ৰয়েল শৌৰ্য বৃত্তি আৰু ৰয়েল সুৰক্ষা বৃত্তি। 

এই  ৰয়েল শৌৰ্য বৃত্তি আঁচনিৰ অধীনত দেশৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু বীৰত্ব বঁটা লাভ কৰা প্ৰতিৰক্ষা কৰ্মচাৰীসকলৰ সন্তান বা পৰিয়ালক ১০০ শতাংশ টিউশ্যন ফী ৰেহাইৰ সুবিধা প্ৰদান কৰা হ’ব। লগতে ৰয়েল সুৰক্ষা বৃত্তি আঁচনিৰ অধীনত বৰ্তমান সেৱাৰত থকা আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা কৰ্মচাৰীসকলৰ সন্তানসকলক উচ্চশিক্ষাৰ ক্ষেত্ৰত ৫০ শতাংশ পৰ্যন্ত টিউশ্যন ফী ৰেহাই প্ৰদান কৰা হ’ব।

প্ৰণিধানযোগ্য যে, এই বুজাবুজি চুক্তিৰ অংশ হিচাপে এতিয়াৰে পৰা সশস্ত্ৰ সীমাবলে নিজৰ অধীনস্থ বিভিন্ন ইউনিট, বেটেলিয়ন, বিদ্যালয় আৰু প্ৰতিষ্ঠানসমূহত এই বিশেষ বৃত্তি আঁচনি সম্পৰ্কীয় তথ্যসমূহ ব্যাপকভাৱে প্ৰচাৰ কৰিব। লগতে ইয়াৰ বাবে যোগ্য আবেদনকাৰীসকলক চিনাক্ত কৰি বিশ্ববিদ্যালয়খনত ভৰ্তি প্ৰক্ৰিয়াৰ বাবে প্ৰেৰণ কৰাত সম্পূৰ্ণ সহায় আগবঢ়াব। গুৱাহাটীস্থিত অসম ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ে বৰ্তমান বিজ্ঞান, অভিযান্ত্ৰিকী,ব্যৱস্থাপনা আৰু বাণিজ্য ,স্থাপত্য,পেৰামেডিকেল আৰু সহযোগী স্বাস্থ্য বিজ্ঞান, ফাৰ্মাচী, আইন ,মানৱিক আৰু সমাজবিজ্ঞান, চাৰুকলা আৰু ডিজাইন তথা ক্ৰীড়া আদি বিভিন্ন আধুনিক আৰু উদীয়মান ক্ষেত্ৰত স্নাতক, স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ৰ এক বিস্তৃত শিক্ষাক্ৰম আগবঢ়াই আহিছে। বিশ্ববিদ্যালয়খনৰ এই অভিনৱ প্ৰচেষ্টাই প্ৰতিৰক্ষা জোৱানসকলৰ পৰিয়ালৰ উচ্চশিক্ষাৰ বাট অধিক সুগম কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।


Post a Comment

Previous Post Next Post