তেজপুৰৰ দোলাবাৰী বজাৰত জিলা প্ৰশাসনে চলালে বৃহৎ উচ্ছেদ অভিযান। ‘অসম মালা’ আঁচনিৰ পথ সম্প্ৰসাৰণৰ কাম ক্ষিপ্ৰতৰ কৰাৰ লক্ষ্যৰে প্ৰশাসনৰ বুলড'জাৰ আৰু জেচিবি নামি পৰে দোলাবাৰী বজাৰত। প্ৰশাসনৰ উচ্ছেদকাৰী দলে মহতিয়াই লৈ যায় পথৰ কাষত অবৈধভাৱে গঢ়ি উঠা সমগ্ৰ বজাৰ গৃহ।
প্ৰাপ্ত তথ্য অনুসৰি, ‘অসম মালা’ প্ৰকল্পৰ অধীনত তেজপুৰৰ দোলাবাৰী চাৰিআলিৰ পৰা ঐতিহাসিক লাচিত চকলৈকে থকা পথচোৱা বহল কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত যোৱা জানুৱাৰী মাহত প্ৰশাসনে পথৰ দাঁতিত থকা এই অবৈধ বজাৰখনত প্ৰথমবাৰৰ বাবে উচ্ছেদ অভিযান চলাইছিল। জানুৱাৰী মাহৰ উচ্ছেদৰ পাছতো বজাৰখনৰ মহলদাৰ তথা ভোমাৰাগুৰি জিলা পৰিষদৰ সদস্য নুৰুল হুছেইনে চৰকাৰী নিয়ম আৰু প্ৰশাসনৰ নিৰ্দেশনাক সম্পূৰ্ণ বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধভাৱে পুনৰ বজাৰখন চলাই আছিল বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
উল্লেখ্য যে, চৰকাৰী মাটিত নীতি-বহিৰ্ভূতভাৱে বজাৰখন চলাই থকাৰ তথ্য লাভ কৰাৰ পাছতেই আজি শোণিতপুৰ জিলা প্ৰশাসনে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰে। আজি পুৱাই আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত প্ৰশাসনৰ দলটো দোলাবাৰী বজাৰত উপস্থিত হয়। কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হ’বলৈ নিদিয়াকৈ প্ৰশাসনে জেচিবি আৰু বুলডজাৰ ব্যৱহাৰ কৰি অবৈধ বজাৰ গৃহসমূহ সম্পূৰ্ণৰূপে ভাঙি দিয়ে।
আনফালে, চৰকাৰী উন্নয়নমূলক আঁচনিত বাধাৰ সৃষ্টি কৰা আৰু উচ্ছেদৰ পিছতো পুনৰ চৰকাৰী ভূমি দখল কৰা এনে কাৰ্যৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰা এই কঠোৰ স্থিতিক একাংশ স্থানীয় সচেতন ৰাইজে আদৰণি জনাইছে। চৰকাৰী নিৰ্দেশনা অৱমাননা কৰা মহলদাৰজনৰ বিৰুদ্ধে অনাগত দিনত প্ৰশাসনে কি আইনী পদক্ষেপ গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।
