নিজৰ ফালে অৱস্থা তথৈবচ হ'লেও ভাৰতৰ অনিষ্টকাৰী চিন্তা কৰিবলৈ নেৰে পাকিস্তানে। অৰ্থনৈতিকভাৱে জুৰুৱা হোৱা চুবুৰীয়া দেশখনে কেনেকৈ ভাৰতক বিপদত পেলাব পাৰি তাৰেই চিন্তাত দিন-ৰাতি একাকাৰ কৰে। পাকিস্তানৰ এই কামত পাৰ্যমানে সহযোগ কৰে ৰঙা চীনে।
শেহতীয়াকৈ পাকিস্তান আৰু চীনৰ তেনে কিছু কৰ্মকাণ্ডৰ কাহিনী পোহৰলৈ আহিছে। দুয়োখন দেশ মিলি কেনেকৈ ভাৰতক সকলো দিশৰ পৰা ধ্বংস কৰিব পাৰি তাৰেই কূটিল পৰিকল্পনাৰ কাহিনী পোহৰলৈ আহিছে। চীনে নিৰ্মাণ কৰি দিয়া ৬টাকৈ উপগ্ৰহ ১৬মাহৰ ভিতৰতে পাকিস্তানে মহাকাশত সফলভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। এই উপগ্ৰহ কেইটাৰ জৰিয়তে পাকিস্তানে ভাৰতৰ সামৰিক শক্তিৰ লগতে সাগৰীয় পথসমূহত ভাৰতীয় জাহাজৰ গতিবিধি চোৰাংচোৱাগিৰি কৰি আছে।
এই উপগ্ৰহসমূহে একেলগে অন্ততঃ দুদিনৰ মূৰে মূৰে ভাৰতৰ ভূখণ্ডৰ মেপিং কৰি আছে। এপ’ল’ মেপিং আৰু স্কাইফাই ব্যৱহাৰ কৰি এই উপগ্ৰহসমূহে পাকিস্তানক ভাৰতীয় ভূখণ্ডৰ অবিৰত ছবি প্ৰদান কৰি আছে। এই উপগ্ৰহসমূহে আফগানিস্তান, চীন, ইৰাণ, উত্তৰ ভাৰত মহাসাগৰকে ধৰি অন্যান্য কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহো নিৰীক্ষণ কৰি আছে।
বিশেষজ্ঞসকলে কয় যে ভাৰতৰ সীমান্তৰ বাহিৰত ভাৰতৰ কৌশলগত কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ আৰু লগতে ভাৰতলৈ অহা নৌসেনাৰ জাহাজ আৰু বাণিজ্যিক জাহাজৰ দৰে গুৰুত্বপূৰ্ণ সামগ্ৰীৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ পৃথক সেনা জোৱানো মোতায়েন কৰিছে পাকিস্তানে।
ইফালে বিগত এটা বছৰত ভাৰতৰ কেইবাটাও উপগ্ৰহ উৎক্ষেপণ বিফল হৈছে। ইয়াৰে তিনিটা আছিল কৌশলগত উপগ্ৰহ, যিটো যথেষ্ট চিন্তনীয়। ভাৰতীয় নৌসেনাৰ প্ৰাক্তন পতাকা বিষয়া সুধীৰ পিল্লাই কয় যে- পাকিস্তানৰ অসামৰিক উপগ্ৰহৰ উত্থান কোনো কাকতলীয়া নহয়। কিয়নো ইয়াক সামৰিক উদ্দেশ্যত ব্যৱহাৰ কৰা হৈছে। পিল্লাই এটা পোষ্টত লিখিছে, "২০২৫ চনৰ জানুৱাৰীৰ পৰা ২০২৬ চনৰ এপ্ৰিল মাহৰ ভিতৰত ছুপাৰকোৱে (পাকিস্তান মহাকাশ সংস্থা) প্ৰায় ডেৰ ডজন উপগ্ৰহ কক্ষপথলৈ প্ৰেৰণ কৰিছে।
এই বিষয়টোক লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এজন প্ৰাক্তন বিষয়াই কয় যে, "চীনৰ উপগ্ৰহসমূহে ভাৰতৰ ভূখণ্ডক ভাৰততকৈ অধিক নিৰীক্ষণ কৰে। আমাৰ ভূখণ্ডৰ প্ৰতিটো ইঞ্চি তেওঁলোকৰ দৃষ্টিত আছে। চীন আৰু পাকিস্তানৰ মহাকাশ ভিত্তিক নেটৱৰ্কে ভৱিষ্যতৰ সংঘাতত ভাৰতক যথেষ্ট অশান্তি দিব পাৰে।
যোৱা বছৰ ভাৰতীয় সামৰিক বিষয়াসকলে স্বীকাৰ কৰিছিল যে চীনে পাকিস্তানক উপগ্ৰহৰ উতক্ষেপনত সহায় আগবঢ়াইছে। পাকিস্তানে ভাৰতীয় সামৰিক কাৰ্যকলাপ নিৰীক্ষণ কৰিবলৈ সক্ষম হৈছে আৰু এতিয়া পাকিস্তানে নিজাকৈ ৰকেট বাহিনীৰ বাবে এটা উপগ্ৰহ নেটৱৰ্ক নিৰ্মাণ কৰি আছে। ইয়াৰ দ্বাৰা ভাৰতীয় সামৰিক ঘাটিসমূহত আক্ৰমণ কৰাৰ লগতে ভাৰতীয় অস্ত্ৰৰ কাৰ্যকলাপৰ লাইভ তথ্য লাভ কৰাত সহায়ক হ’ব।
ভৱিষ্যতৰ সময়ত এয়াই ভাৰতৰ প্ৰতিৰক্ষ ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাব পাৰে বুলি চিন্তা ব্যক্ত কৰিছে প্ৰতিৰক্ষা বিশেষজ্ঞসকলে। এফালে পাকিস্তানে চীনৰ সহায়ত মহাকাশলৈ ইটোৰ পিছত সিটো উপগ্ৰহৰ সফল উতক্ষেপন আৰু আনফালে ধাৰাবাহিকভাৱে ভাৰতৰ উপগ্ৰহ উতক্ষেপনত বিফলতাৰ আঁৰতো ৰঙা চীন জড়িত থকাৰ সন্দেহ কৰিছে একাংশ বিশেষজ্ঞই।
