অসমৰ মাটিতেই খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ'ব


 

গুৱাহাটী মহানগৰীত শেহতীয়াকৈ অসমীয়া সমাজসেৱকৰ ওপৰত একাংশ উচটনিমূলক লোকৰ আক্ৰমণ আৰু প্ৰহাৰৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই স্পৰ্শকাতৰ ঘটনাক তীব্ৰ ভাষাত গৰিহণা জনাইছে মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই। সংগঠনটোৱে স্পষ্ট কৰি দিছে যে,খিলঞ্জীয়া অসমীয়া সমাজৰ ওপৰত চলোৱা এনে ধৰণৰ আক্ৰমণ আৰু দাদাগিৰি কোনো কাৰণতে সহ্য কৰা নহ’ব।

ইপিনে, সংগঠনটোৰ নেতৃত্বই চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে- ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ মাটিত ‘কাৰ্বি গ’ বেক’ ধৰণৰ অপমানজনক শ্ল’গান দিয়া উচটনিমূলক লোকসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁলোকে চৰকাৰক আগতীয়াকৈ সতৰ্ক কৰি দিছিল। কিন্তু চৰকাৰ তথা প্ৰশাসনে সময়মতে কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেই এতিয়া ইয়াৰ পৰিণতিস্বৰূপে অসমৰ বুকুত খিলঞ্জীয়া লোকসকলে এনেদৰে আক্ৰমণৰ বলি হ’বলগীয়া হৈছে।

আনফালে, ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি ছাত্ৰ সন্থাৰ নেতৃত্বই অভিযোগ  উত্থাপন কৰি কয় যে- কেৱল টকাৰ বিনিময়ত গুৱাহাটীৰ পৰা বিজয় গুপ্তাক বিধায়ক হিচাপে নিৰ্বাচিত কৰা হৈছিল। যাৰ ফলস্বৰূপে আজি সাধাৰণ খিলঞ্জীয়া অসমীয়া ৰাইজে নিজৰ মাটিতেই নিৰাপত্তাহীনতাত ভুগিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে  প্ৰশাসনৰ নিষ্ক্ৰিয়তা আৰু দিনক-দিনে বাঢ়ি অহা এনে ঘটনাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসীক খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ বাবে ঐক্যবদ্ধ আৰু সচেতন হ’বলৈ আহ্বান জনাইছে।

Post a Comment

Previous Post Next Post