বিশিষ্ট সাহিত্যিক ভৱপ্ৰসাদ দেউৰীলৈ 'ভাৰতীয় সাহিত্য বঁ‌টা ২০২৬'


 

পাহাৰীয়া জিলা কাৰ্বি আংলং তথা সমগ্ৰ অসমৰ সাহিত্য জগতৰ বাবে অত্যন্ত গৌৰৱৰ খবৰ। কাৰ্বি আংলং জিলাৰ ডিফু নিৱাসী বিশিষ্ট সাহিত্যিক, প্ৰবন্ধকাৰ তথা কবি ভৱপ্ৰসাদ দেউৰী লৈ আগবঢ়োৱা হৈছে সন্মানীয় ‘ভাৰতীয় সাহিত্য বঁ‌টা ২০২৬’।

ভাৰত চৰকাৰৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত আৰু অনুমোদিত বাংগালোৰুস্থিত দেশৰ অন্যতম সৰ্বভাৰতীয় সামাজিক প্ৰতিষ্ঠান ‘ইণ্ডিয়ান লিটাৰেচাৰ এণ্ড আৰ্ট ছ'চাইটি’এ যোৱা ২ জুনত প্ৰেৰণ কৰা এখন চৰকাৰী পত্ৰযোগে এই বঁটাৰ বাবে দেউৰীৰ নাম ঘোষণা কৰিছে। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ বিশেষ বৰঙনি আগবঢ়োৱা বৰেণ্য সাহিত্যিকসকলক উক্ত প্ৰতিষ্ঠানটোৱে প্ৰতিবছৰে এই বঁটা প্ৰদান কৰি আহিছে। এইবেলি দেশৰ কেইবাগৰাকীও আগশাৰীৰ সাহিত্যিকৰ সৈতে অসমৰ ভৱপ্ৰসাদ দেউৰীৰ নাম এই বঁটাৰ বাবে বাছনি হোৱাত স্বাভাৱিকতে সমগ্ৰ জিলাখনত আনন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। 

উল্লেখ্য যে, যোৱা তিনি দশকৰো অধিক কাল ধৰি ভৱপ্ৰসাদ দেউৰীয়ে অসমৰ সাহিত্য ক্ষেত্ৰখনলৈ নিৰৱচ্ছিন্নভাৱে অৱদান আগবঢ়াই আহিছে। অসমৰ জাতীয় জীৱন, সামাজিক মূল্যবোধ,সমাজ-চিন্তা আৰু সমসাময়িক বাস্তৱতা আদি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেওঁৰ ৫০০তকৈও অধিক তথ্যসমৃদ্ধ নিবন্ধ ইতিমধ্যে ‘সাপ্তাহিক জনমভূমি’, ‘আমাৰ অসম’,‘নিয়মীয়া বাৰ্তা’,‘সাদিন’ আদি বিভিন্ন অগ্ৰণী কাকত-আলোচনী আৰু স্মৃতিগ্ৰন্থত প্ৰকাশ পাইছে। কেৱল নিবন্ধই নহয়, তেওঁৰ স্বৰচিত আৰু সম্পাদিত এক ডজনতকৈও অধিক মূল্যৱান গ্ৰন্থ প্ৰকাশ পাইছে। তাৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থসমূহ  ক্ৰমে- 

১.‘সামাজিক মূল্যবোধ আৰু বুদ্ধিজীৱীৰ ভূমিকা’

২.‘অসমৰ জাতীয় চিন্তা’ 

৩.‘ভিন্ন দৃষ্টি আৰু ভিন্ন চিন্তা’ 

এই গ্ৰন্থসমূহৰ জৰিয়তে তেওঁ অসমৰ সাহিত্য জগতত এখন সুকীয়া আসন দখল কৰাৰ লগতে বিশেষকৈ অসমৰ জনগোষ্ঠীয় সাহিত্যক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। ১৯৬২ চনৰ ১৩ জানুৱাৰীত কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলিৰ কেঞা পুখুৰীত জন্মগ্ৰহণ কৰা ভৱপ্ৰসাদ দেউৰী স্বৰ্গীয় খগেন দেউৰী আৰু স্বৰ্গীয়া সমীবালা দেউৰীৰ জ্যেষ্ঠ পুত্ৰ। পেচাগতভাৱে তেওঁ অসম গ্ৰামীণ বেংকৰ এজন সুদক্ষ অৱসৰপ্ৰাপ্ত বিষয়া। বৰ্তমান তেওঁ ডিফুৰ ৰংমিলি (ৱাৰ্ড নং-৬)ৰ স্থায়ী বাসিন্দা।

কেৱল সাহিত্য সৃষ্টিয়েই নহয়, একাধাৰে প্ৰবন্ধকাৰ, কবি, সমাজসেৱক আৰু সাংবাদিক দেউৰীয়ে ৰাজ্যৰ কেইবাটাও আগশাৰীৰ সামাজিক-সাংস্কৃতিক আৰু সাহিত্য সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। ইপিনে তেওঁৰ উল্লেখযোগ্য কাৰ্যকালসমূহ তলত উল্লেখ কৰা হৈছে। সেয়া ক্ৰমে- 

১. অসম সাহিত্য সভা: মাতৃভাষা উপসমিতিৰ প্ৰাক্তন আহ্বায়ক।

২. জিলা সাহিত্য সভা ও কবি সন্মিলন: কাৰ্বি আংলং জিলা সাহিত্য সভা আৰু কাৰ্বি আংলং জিলা কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক।

৩.সাংবাদিকতা ক্ষেত্ৰ: হাওৰাঘাট প্ৰেছ ক্লাবৰ প্ৰতিস্থাপক মুখ্য সম্পাদক। ইয়াৰ উপৰি উত্তৰ পূৰ্বাঞ্চল মফচলীয় সাংবাদিক সন্থা আৰু কাৰ্বি আংলং জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য। তেওঁ ‘আজিৰ অসম’, ‘গণতন্ত্ৰ’ আৰু ‘পাহাৰীদূত’ আদি কাকতৰ লগত নিয়মীয়া স্তম্ভ লেখক তথা সাংবাদিক হিচাপে জড়িত আছিল। 

৩.বৰ্তমানৰ দায়িত্ব: বৰ্তমান তেওঁ সদৌ অসম কবি সন্মিলনৰ কাৰ্বি আংলং জিলাৰ উপ-সভাপতি, তিৱা বুদ্ধিজীৱী মঞ্চৰ মুখপত্ৰ-সম্পাদক আৰু ডিফু সাহিত্য সভাৰ প্ৰকাশন সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰি তিৱা সাহিত্য সভা, তিৱা সমাজ আৰু অসম জনজাতীয় সাংস্কৃতিক মঞ্চ আদিৰ সৈতেও তেওঁ সক্ৰিয়ভাৱে জড়িত।

আনফালে, বিশিষ্ট সাহিত্যিকগৰাকীৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সফলতাত কাৰ্বি আংলং জিলাৰ বিভিন্ন দল-সংগঠন, সাহিত্য অনুৰাগী তথা গুণমুগ্ধসকলে তেওঁক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

Post a Comment

Previous Post Next Post