অসমত বিহাৰীৰ মাৰ খাবলৈ জীয়াই থকা নাইঃ যুদ্ধ ঘোষণা কৰি শৃংখলৰ হুংকাৰ...


 

গুৱাহাটী মহানগৰীত অসমীয়াৰ ওপৰত অনাঅসমীয়াৰ আক্ৰমণৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে সৈতে হোৱা টেলিফোনিক এক সাক্ষাতকাৰত চলিহাই কয়, আমাৰ স্পষ্ট কথা যে আমি অসমত বিহাৰীৰ মাৰ খাবলৈ জীয়াই থকা নাই। আৰু ইয়াৰ বিৰুদ্ধে চৰকাৰে যাৱতীয় ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিব লাগিছিল।

বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে লগতে কয় যে- যিজন অভিযুক্ত, সেইজনে অলপ আগত সামাজিক মাধ্যমত স্পষ্টীকৰণ দি আছে কিন্তু অসম পুলিচে তেওঁক বিচাৰি পোৱা নাই। যদি এইটো ঘটনা আমি কৰিলোহেতেঁন, আমি যদি  এজন বিহাৰী মানুহৰ গাত হাত উঠালোহেতেঁন, আমাক ইমানদেৰি অসম পুলিচে ছুঁচৰাই নি জেইলত ভৰালেগৈহেতেঁন। এতিয়া কথাটো হৈছে জাতি-মাটি-ভেটিঁৰ কথা কৈ ১০২খন আসন পোৱাৰ পাছত আমাৰ ওপৰত কোনোবা বিহাৰৰ মানুহে বৰমতা দেখাব, এইবোৰ সহ্য কৰা নহ'ব।

অসমৰ থলগিৰি মানুহে প্ৰত্যোকতো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া দিব বুলিও আওপকীয়াকৈ সকিয়াই দিয়ে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। তেওঁ অসমীয়া প্ৰতিদিন ডিজিটেলক লগতে কয়-  আমি আগতেই কৈ থৈছো যে আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'বই। আমি কাৰোবাৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা জাতি নহয়। মই হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব বিচাৰিছো যে, আজি গুৱাহাটীত ফ্লাই অভাৰ হৈছে, ৰাস্তা-ঘাট বহল হৈছে কিন্তু আমি ক'ত খোজ কাঢ়িম? যদি গুৱাহাটীৰ আৰ্যনগৰত অসমীয়া মানুহ এটাই খোজ কাঢ়িব নোৱাৰে, প্ৰতিবাদ কৰিব নোৱাৰে তেন্তে ইয়াৰ বিৰুদ্ধে সংগ্ৰাম হ'বই।

অসমীয়া প্ৰতিদিন ডিজিটেলৰ ডেস্কৰ হৈ শৃংখল চলিহাক সোধা হৈছিল যে, পূৰ্বেও কাৰ্বি আংলঙতো এনেধৰণৰ অনুৰূপ ঘটনা সংঘটিত হৈছিল। এনে সংঘাতে কিহৰ ইংগিত দিছে আৰু অসমীয়া জাতিক এনে সংঘাতে কিধৰণে প্ৰভাৱ পেলাব? উত্তৰত চলিহাই কয়-  আমি কাকো আক্ৰমণ কৰিবলৈ যোৱা নাই। আমাৰ ওপৰত যেতিয়া আক্ৰমণ হয়, তেতিয়া তাৰ প্ৰতিক্ৰিয়াহে হয়। আমি কি সদায় মাৰ খাই থাকিম নেকি?  অনাগত দিনত এই অশুভ শক্তিৰ বিৰুদ্ধে যুদ্ধ হ'ব লাগিব। এই যুঁজ নহ'লে অসমীয়া জাতি নাথাকে। আমাৰ পিঠি বহল কৰি দিম বুলি সিহঁতে যেতিয়া ক'ব পাৰে, সিহঁতৰ পিঠি বহল কৰি দিয়াত ক'ত, কাৰ, কি আপত্তি আছে বুলিও প্ৰশ্ন কৰে শৃংখল চলিহাই।

নিয়মমতে ইমান সময়ৰ পিছত হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উক্ত মানুহজনক ধৰি গুৱাহাটীৰ জেইলত ৰাখিব পাৰিব লাগিছিল বুলিও ক্ষোভ উজাৰে শৃংখল চলিহাই। আৰক্ষীয়ে শেহতীয়াকৈ দায়সৰা মন্তব্য দি এই বিষয়টোক পাতলাবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে। তেওঁ কয় যে, এই ঘটনাৰ সৈতে চান্দা সম্পৰ্কীয় কোনো কথা জড়িত নাই। যদিহে উক্ত ব্যক্তিজনক গ্ৰেপ্তাৰ নকৰে, বিধায়ক বিজয় গুপ্তাৰ ঘৰ ঘেৰাও কৰাৰ সকিয়নীও প্ৰদান কৰে শৃংখল চলিহাই। 

Post a Comment

Previous Post Next Post