বিপৰ্যয়ে লগ নেৰা হৈছে তৃণমূল কংগ্ৰেছক। এসপ্তাহত দ্বিতীয়গৰাকী সাংসদে এৰিলে মমতা বেনাৰ্জীৰ সংগ। ৰাজ্যসভাৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে শেহতীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মমতা বেনাৰ্জীলৈ। দলৰ প্ৰাথমিক সদস্যৰ পৰাও পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছে সুস্মিতা দেৱে।
উল্লেখ কৰা প্ৰয়োজন যে, পদত্যাগ পত্ৰ প্ৰেৰণ কৰি বৰ্তমান দিল্লীতে বাহৰ পাতি আছে সুস্মিতা দেৱে। অচিৰেই বিজেপিত যোগদানৰ সম্ভাৱনা আছে সুস্মিতাৰ। দিল্লীত অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাত কৰাৰ পিছতে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব বাবে সুস্মিতাই।
ৰাজনৈতিক মহলত চলা চৰ্চা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে গোপন আলোচনাত মিলিত হোৱাৰ পাছতে সুস্মিতা দেৱে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ কৰি অহা সুস্মিতাক সন্মানজনক সংস্থাপন দিয়াৰ কথাও চৰ্চা চলিছে। এতিয়া সময়তহে পৰিলক্ষিত হ'ব তৃণমূলৰ সাংসদগৰাকীক কিদৰে সংস্থাপিত কৰে বিজেপিয়ে।
উল্লেখ্য যে, এসপ্তাহৰ পূৰ্বে দল এৰিছিল তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ সুখেন্দু অধিকাৰীয়ে।
