স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে AASAৰ Admission Help Desk...


 

অসমৰ পৰা উচ্চ শিক্ষা লাভৰ উদ্দেশ্যে দিল্লীত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰিব বিচৰা শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে All Assamese Students’ Association (AASA), নতুন দিল্লীয়ে এইবাৰো নিজৰ বাৰ্ষিক নামভৰ্তি সহায় সেৱা বা Admission Help Desk আৰম্ভ কৰিছে।

দিল্লীৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত নামভৰ্তিৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক প্ৰয়োজনীয় পৰামৰ্শ, তথ্য আৰু সহায় আগবঢ়োৱাৰ লক্ষ্যৰে এই সহায় সেৱা ৰ ব্যৱস্থা কৰা হৈছে। নামভৰ্তি সম্পৰ্কীয় যিকোনো সহায়ৰ বাবে শিক্ষাৰ্থীসকলে তলত উল্লেখ কৰা সদস্যসকলৰ যোগাযোগ কৰিব পাৰিব বুলিলৈ আহ্বান জনায় AASAই।  

নামভৰ্তি সন্দৰ্ভত সহায়ৰ বাবে ক্ৰমে 6001975150, 7002670411, 8753955343, 6000435976, 9394448284 আৰু 9395432981 নম্বৰত শিক্ষাৰ্থীসকলক যোগদান কৰিবলৈ আহ্বান জনোৱা হৈছে। Admission Help Desk-ৰ জৰিয়তে নতুন শিক্ষাৰ্থীসকলে বিশ্ববিদ্যালয় নিৰ্বাচন, নামভৰ্তি প্ৰক্ৰিয়া আৰু আন প্ৰয়োজনীয় বিষয়সমূহৰ ক্ষেত্ৰত উপযুক্ত দিশ-নিৰ্দেশনা লাভ কৰিব।

উল্লেখ্য যে, জুলাই মাহৰ পৰা গুৱাহাটী আৰু ডিব্ৰুগড়ত সহায় কেন্দ্ৰসমূহো উপলব্ধ থাকিব। নতুন দিল্লীস্থিত AASA-ই বিগত কেইবছৰ ধৰি অসমৰ শিক্ষাৰ্থীসকলৰ কল্যাণৰ বাবে বিভিন্ন সামাজিক আৰু শিক্ষামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।

Post a Comment

Previous Post Next Post