ভাৰতীয় নাবিকে হেৰুৱালে প্ৰাণঃ ৪ দিনত তিনিবাৰকৈ আক্ৰমণ আমেৰিকাৰ


 

আমেৰিকা আৰু ইৰাণৰ মাজৰ সংঘাতৰ ফলত এতিয়া বিপদত পৰিছে ভাৰতীয় নাবিকসকল। বিশ্বৰ সবাতোকৈ ব্যস্ত আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথসমূহত কৰ্মৰত ভাৰতীয় নাবিকসকলৰ বাবে ডাঙৰ বিপদ সৃষ্টি কৰিছে দুয়োখন দেশৰ সংঘাতে। আমেৰিকাৰ আক্ৰমণ মৃত্যু হৈছে ভাৰতীয় নাবিকৰ। এই আক্ৰমণৰ ঘটনাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ভাৰত চৰকাৰে। সকলো সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ ৰাজৰ্ষি চহৰীয়াৰ এক প্ৰতিবেদন।

ওমানত ভাৰতীয় নাবিক থকা জাহাজত আমেৰিকাৰ নৌ সেনাই আক্ৰমণ কৰাৰ পাছতে পুনৰ আমেৰিকাৰ প্ৰতিনিধিক মাতি প্ৰতিবাদ কৰে ভাৰতে। বুধবাৰ আৰু বৃহস্পতিবাৰে ভাৰতীয় নাবিক থকা দুখন টেংকাৰত আমেৰিকাৰ আক্ৰমণত তিনিজনকৈ নাবিকৰ মৃত্যু হয়। তাৰ পাছত তিনিদিনত দুবাৰ মতাই অনা হ’ল আমেৰিকাৰ ডেপুটী চীফ অৱ মিছন জেছন মিক্সক । 

দৰাচলতে, পালাউ পতাকাবাহী টেংকাৰ এম টি চেট্টেবেলো (MT Settebello)ৰ ওপৰত হোৱা আক্ৰমণৰ পিছত তিনিজন ভাৰতীয় ক্ৰু সদস্যৰ মৃত্যু হয়। ভাৰত চৰকাৰে ওমান উপকূলত ভাৰতীয় নাবিক থকা বাণিজ্যিক জাহাজসমূহৰ ওপৰত অব্যাহত আক্ৰমণক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে আৰু অসামৰিক জাহাজ চলাচলৰ ওপৰত বল প্ৰয়োগৰ পুনৰ বিৰোধিতা কৰে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই সন্দৰ্ভত কয়- “অসামৰিক জাহাজ চলাচলৰ ওপৰত মাৰাত্মক আক্ৰমণক লৈ মন্ত্ৰালয়ে পুনৰ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। এনে কাৰ্যকলাপ গ্ৰহণযোগ্য নহয় আৰু ই এক সংবেদনশীল অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক বাণিজ্যৰ সুৰক্ষা, নিৰাপত্তা আৰু স্থিৰতাক ক্ষতিগ্ৰস্ত কৰে।”

মন্ত্ৰালয়ে লগতে জনায় যে- জেছন মিক্সক ভাৰতৰ উদ্বেগসমূহ ৱাশ্বিংটনলৈ প্ৰেৰণ কৰিবলৈ আৰু অঞ্চলটোত মোতায়েন কৰা আমেৰিকান বাহিনীক অসামৰিক লোকৰ মৃত্যু ৰোধৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নিশ্চিত কৰিবলৈ অনুৰোধ কৰা হৈছে। এই কূটনৈতিক প্ৰতিবাদ আমেৰিকা-ইৰাণ উত্তেজনাৰ ফলত উপসাগৰীয় অঞ্চলত বাণিজ্যিক জাহাজসমূহৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণৰ পটভূমিত সংঘটিত হৈছে।

আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো আছিল এমটি চেট্টেবেলোৰ ওপৰত চলা আক্ৰমণ। য’ত ২৪ জন ভাৰতীয় ক্ৰু সদস্য আছিল। জাহাজখন এই সপ্তাহৰ আৰম্ভণিতে ওমান উপকূলত আক্ৰমণৰ সন্মুখীন হৈছিল। ভাৰত আৰু ওমানৰ কৰ্তৃপক্ষৰ যৌথ অনুসন্ধান আৰু উদ্ধাৰ অভিযানত ২১জন ক্ৰু সদস্যক জীৱন্তে উদ্ধাৰ কৰা হৈছিল যদিও তিনিজন নাবিকৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।

ইয়াৰ পূৰ্বে বুধবাৰেও এমটি চেট্টেবেলোৰ ওপৰত হোৱা আক্ৰমণৰ পাছত ভাৰত চৰকাৰে আমেৰিকাৰ চাৰ্জ দ্য’এফেয়াৰ্ছক তলব কৰিছিল। কিন্তু মৃত্যুৰ নিশ্চিত তথ্য লাভ কৰাৰ পাছত দ্বিতীয়বাৰৰ বাবে তলব কৰিছে। ইয়াৰ পৰা বুজিব পাৰি যে নতুন দিল্লী এই বিষয়ত অধিক কঠোৰ স্থিতি গ্ৰহণ কৰিছে। 

উল্লেখ্য যে, ৮ জুনত ২৪জন ভাৰতীয় নাগৰিক থকা এমটি মাৰিভেক্স (MT Marivex) নামৰ জাহাজখনতো আমেৰিকান বাহিনীয়ে আক্ৰমণ চলাইছিল। অভিযোগ অনুসৰি নৌ-অৱৰোধ সত্ত্বেও জাহাজখন ইৰাণৰ এটা বন্দৰলৈ আগবাঢ়িবলৈ চেষ্টা কৰিছিল। 

ইয়াৰ পিছদিনাই এমটি চেট্টেবেলোৰ ওপৰত আক্ৰমণ হয়। যাৰ ফলত তিনিজন ভাৰতীয় নাবিকৰ মৃত্যু ঘটে। বৃহস্পতিবাৰে পুনৰ এমটি জলভীৰ (MT Jalveer) নামৰ আন এখন বাণিজ্যিক জাহাজ ওমানৰ শিনাছ বন্দৰৰ ওচৰত আক্ৰমণৰ সন্মুখীন হোৱা বুলি খবৰ পোৱা গৈছে। প্ৰাৰম্ভিক তথ্য অনুসৰি জাহাজখনত প্ৰায় ২০জন ভাৰতীয় ক্ৰু সদস্য আছিল। অৱশ্যে এই ঘটনাৰ সম্পূৰ্ণ তথ্য এতিয়াও লাভ কৰা হোৱা নাই।

মাত্ৰ চাৰি দিনৰ ভিতৰত সংঘটিত এই তিনিটা আক্ৰমণে আমেৰিকা আৰু ইৰাণৰ মাজৰ উত্তেজনাই বিশ্বৰ আটাইতকৈ ব্যস্ত আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ সামুদ্ৰিক পথসমূহত কৰ্মৰত ভাৰতীয় নাবিকসকলৰ বাবে কিমান ডাঙৰ বিপদ সৃষ্টি কৰিছে সেয়া প্ৰমাণ কৰিছে। 

উল্লেখ্য যে, শেহতীয়াকৈ দুয়োখন দেশৰ মাজত পুনৰ উত্তেজনা বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুৱাই আমেৰিকাই ইৰাণৰ ওপৰত আকাশী আক্ৰমণ চলায়। তাৰপাছতে ইৰাণে বাহৰেইন, কুৱেইট আৰু জৰ্ডানক লক্ষ্য কৰি আক্ৰমণ চলোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, ইৰাণে স্পষ্টকৈ জনাইছে যে- তেওঁলোকে ষ্ট্ৰেইট অৱ হৰমুজ ওপৰত নিজৰ নিয়ন্ত্ৰণ বাহাল ৰাখিব। ইৰাণৰ খাতাম আল-আনবিয়া কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ে জনাইছে যে- অঞ্চলটোত সৃষ্টি হোৱা অসুৰক্ষিত পৰিস্থিতিৰ বাবে হৰমুজ প্ৰণালী তেলবাহী টেংকাৰ আৰু বাণিজ্যিক জাহাজকে ধৰি সকলো ধৰণৰ জাহাজ চলাচল বন্ধ ঘোষণা কৰা হৈছে। 

Post a Comment

Previous Post Next Post