অখিল গগৈৰ নিৰাপত্তা বৃদ্ধিৰ সিদ্ধান্ত...


 

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এতিয়াৰে পৰা থাকিব শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিধায়কগৰাকীৰ নিৰাপত্তা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্যৰ গৃহ বিভাগে। মাতৃৰ শ্ৰাদ্ধাৰ পাছৰে পৰাপৰা অখিল গগৈৰ সৈতে থাকিব ১১গৰাকীকৈ নিৰাপত্তাৰক্ষী।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, পূৰ্বতে অখিল গগৈৰ সৈতে আছিল ৩গৰাকী নিৰাপত্তাৰক্ষী। কিন্তু হঠাতে অখিল গগৈৰ ৮গৰাকীকৈ নিৰাপত্তাৰক্ষী বৃদ্ধিৰ সিদ্ধান্ত লৈছে গৃহ বিভাগে। এতিয়াৰে পৰা অখিল গগৈৰ সৈতে থাকিব এছকৰ্টৰ এখন বাহনো। 

Post a Comment

Previous Post Next Post