দেশৰ উচ্চ শিক্ষিত মুখ্যমন্ত্ৰী...


 

ৰাজ্য এখনৰ মুৰব্বী হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰীৰ নেতৃত্বতে শাসিত হয় এখন ৰাজ্য। যদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী শিক্ষা- দীক্ষাৰে উচ্চ শিক্ষিত হয়, তেন্তে ৰাজ্যৰ শাসন ব্যৱস্থা শৃংখলিত হোৱাৰ লগতে বিভিন্ন দিশত আগবাঢ়ি যোৱাৰ থল থাকে। সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক- অৰ্থনৈতিক আদি বিভিন্ন দিশত ৰাজ্য এখনে কৃতাকাৰ্যতা লাভ কৰিব পাৰে।

অন্যথা অশিক্ষিত নেতাৰ হাতত শাসনৰ বাঘজৰী থাকিলে, ৰাজ্যখনৰ প্ৰজাসকল নানান আহুকালত পৰাৰ অৱকাশ থাকে। তাৰোপৰি পদে পদে উজুতি খোৱাৰ প্ৰবল সম্ভাৱনা থাকে। কিয়নো অশিক্ষত মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত পৰিপক্ক নহ’বও পাৰে। 

অৱশ্যে অশিক্ষিত হ’লেও যে, ৰাজ্য চলোৱাত ব্যাঘাত জন্মিব, তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই। কিয়নো বহু ক্ষেত্ৰত অভিজ্ঞতায়ো কামত দিয়ে। এনে বহু উদাৰহণ আছে যি কম শিক্ষা গ্ৰহণ কৰিও সুন্দৰকৈ ৰাজ্য পৰিচালনা কৰিছে। 

অৱশ্যে আজিৰ বিষয়টো হৈছে- ভাৰতৰ শিক্ষিত মুখ্যমন্ত্ৰীৰ সন্দৰ্ভতহে। গুৰুত্বপূৰ্ণ কথা এয়ে যে, ২০২৫-২৬ বৰ্ষৰ ভিতৰত চৰকাৰৰ শাসনত থকা শিক্ষিত মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি ভাৰতৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উচ্চ শিক্ষাৰে শিক্ষিত। 

তেওঁলোকৰ ভিতৰত মাত্ৰ দুগৰাকী মুখ্যমন্ত্ৰীহে পি এইছ ডি ডিগ্ৰীধাৰী। অসমৰ বাবে ভাল লগা কথা এয়ে যে, অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আছে এই পি এইছ ডি ডিগ্ৰীধাৰী মুখ্যমন্ত্ৰীৰ তালিকাত। তেওঁৰ লগতে আনগৰাকী ডক্টৰেট মুখ্যমন্ত্ৰী হৈছে- মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱ।

উল্লেখযোগ্য যে, ইয়াৰে ড০ হিমন্ত বিশ্ব শৰ্মাই স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে তেতিয়াৰ কটন মহাবিদ্যালয়ৰ পৰা। একেদৰে তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছে ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী, আইনৰ ডিগ্ৰী আৰু একেখন বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছে সন্মানীয় পি এইছ ডি ডিগ্ৰী। 

একেদৰে আনগৰাকী ডক্টৰেট ডিগ্ৰীধাৰী ড০ মোহন যাদৱ হৈছে বিজ্ঞানৰ স্নাতক। তেওঁ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে ৰাজনীতি বিজ্ঞান বিষয়ত। তাৰোপৰি তেওঁৰ আছে এল এল বি ডিগ্ৰীৰ লগতে পি এইছ ডি ডিগ্ৰী। বিক্ৰম বিশ্ববিদ্যালয়ৰ অধীনত তেওঁ গ্ৰহণ কৰিছে এইকেইটা ডিগ্ৰী।

এতিয়া জানো আহক, আন কেইগৰাকী মুখ্যমন্ত্ৰীৰ শিক্ষা সন্দৰ্ভত। উচ্চ শিক্ষাৰে শিক্ষিত মুখ্যমন্ত্ৰীৰ ভিতৰত আছে পশ্চিমবংগৰ সদ্যপ্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বেনাৰ্জীয়ে ইতিহাস বিষয়ত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছে স্নাতক ডিগ্ৰী। একেদৰে ইছলামিক ইতিহাস বিষয়ত তেওঁ গ্ৰহণ কৰিছে স্নাতকোত্তৰ ডিগ্ৰী। 

মমতা বেনাৰ্জী এগৰাকী শিক্ষয়িত্ৰী হোৱাৰো আছে যোগ্যতা। কিয়নো তেওঁৰ নামত আছে স্নাতকোত্তৰ ডিগ্ৰীসহ বি-এড। তাৰোপৰি তেওঁ আইনৰো স্নাতক।

উচ্চ শিক্ষিত মুখ্যমন্ত্ৰীৰ তালিকাত আছে মেঘালয় আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ নামো। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা বি বি এ ডিগ্ৰীধাৰী। তেওঁ Wharton School, University of Pennsylvania (USA)ৰ পৰা এই ডিগ্ৰী গ্ৰহণ কৰিছে। 

একেদৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডা০ মানিক সাহা হৈছে দন্ত চিকিৎসক। Oral & Maxillofacial Surgeryত তেওঁ লৈছে স্নাতকোত্তৰ ডিগ্ৰী। ইফালে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত হৈছে সমাজ তত্ব বিষয়ত ডিগ্ৰীধাৰী। তেওঁ গ্ৰহণ কৰা ডিগ্ৰীটো হৈছে- BAMS। 

উল্লেখযোগ্য যে, বিদ্যায়তনিক দিশৰ পৰা বৰ্তমানৰ এই মুখ্যমন্ত্ৰীসকল সঁচাকৈয়ে অত্যন্ত প্ৰভাৱশালী। এই প্ৰতিবেদনৰ পৰা এটা কথাই গম পোৱা গ’ল যে, বৰ্তমানলৈকে ২ জন মুখ্যমন্ত্ৰীৰ আছে পি এইছ ডি ডিগ্ৰী। এজন হৈছে চিকিৎসক, ৩৭% মুখ্যমন্ত্ৰী স্নাতক, ৩০% স্নাতকোত্তৰ আৰু ৩% মুখ্যমন্ত্ৰীৰ আছে ডক্টৰেট। অৱশ্যে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে হৈছে আটাইতকৈ কম শিক্ষিত। তেওঁ হাইস্কুলৰ দেওনাই পাৰ কৰা নাই।

Post a Comment

Previous Post Next Post