উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ বাবে Helping Hands আৰু NEXT IAS-এ যৌথভাৱে “North East Civil Services Talent Discovery & Access Mission (NECTDAM)” নামৰ এক বিশেষ উদ্যোগ আৰম্ভ কৰিছে।
ইয়াৰ লক্ষ্য হৈছে UPSC আৰু অসামৰিক সেৱাৰ বাবে আগ্ৰহী আৰু মেধাৱী শিক্ষাৰ্থীসকলক সঠিক দিশ-নিৰ্দেশনা আৰু সহায় আগবঢ়োৱা। NEXT IAS-এ এই উদ্যোগৰ বাবে প্ৰায় ৫ কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে। এই সুবিধাৰ অধীনত যোগ্য শিক্ষাৰ্থীসকলৰ টিউচনৰ মাচুলত বিশেষ ৰেহাই দিয়া হ’ব।
সংস্থাটোৱে প্ৰায় ৫ হাজাৰ শিক্ষাৰ্থীক লক্ষ্য কৰি লৈছে আৰু ১৫০০-২০০০ শিক্ষাৰ্থীক জলপানিৰ সুবিধা দিয়াৰ পৰিকল্পনা কৰিছে। এই কাৰ্যসূচীত কেৰিয়াৰ কাউন্সেলিং, UPSC orientation, mentorship workshop আৰু সফল ৰেংকাৰসকলৰ সৈতে মত বিনিময়ৰ সুযোগ দিয়া হ’ব। ইয়াৰ লগতে গণিত, বুৰঞ্জী, ৰাজনীতি, বিজ্ঞান আৰু Current Affairs বিষয়ত এচাইনমেণ্ট অনুষ্ঠিত হ’ব।
উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশত এই কাৰ্যসূচীৰ বাবে দুটা কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ ভিতৰত এটা কেন্দ্ৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত আৰু আনখন St. Claret College, Ziro-ত স্থাপন কৰা হৈছে। এই উদ্যোগ বিশেষকৈ Final-Year Students, Graduates, UPSC-ৰ প্ৰাথমিক স্তৰৰ প্ৰত্যাশী আৰু দূৰৱৰ্তী অঞ্চলৰ সুবিধাবঞ্চিত শিক্ষাৰ্থীসকলৰ বাবে লাভজনক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
Helping Hands আৰু NEXT IAS-ৰ এই যৌথ পদক্ষেপে উত্তৰ-পূৰ্বাঞ্চলৰ বহু যুৱক-যুৱতীক অসামৰিক সেৱাৰ ক্ষেত্ৰত নতুন সুযোগ আৰু উৎসাহ যোগাব বুলি মত প্ৰকাশ কৰে দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত ৰবিন হিবু আৰু Next IAS ৰ নেক্সট আইএএছৰ পৰিচালন সঞ্চালক বীৰ সিঙে। অহা ২১ জুন তাৰিখে এই পৰীক্ষা অৰুণাচল প্ৰদেশৰ দুয়োটা কেন্দ্ৰ আৰু নতুন দিল্লীত একেলগে অনুষ্ঠিত হ’ব।
