- নগাঁৱৰ বৰঘাটৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা।
- এখন তীব্ৰবেগী ডাম্পাৰে এখন মটৰ চাইকেলত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো।
- দুৰ্ঘটনাটোত এগৰাকী মহিলা ঘটনাস্থলীতে নিহত হোৱাৰ লগতে এটা ছয়মহীয়া শিশু আৰু এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
- পৰিচয় উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোৰ।
- নিহত মহিলাগৰাকীৰ নাম কবিতা ইংতিপি।
- আনহাতে আহত স্বামী মায়াৰাম সিনহা।
- সামান্য পৰিমাণে আহত তেওঁ লোকৰ ৬ মহীয়া সন্তানটি।
- আঞ্জুম পানীত ঘৰ তেওঁলোকৰ।
- ঘটনাস্থলীত বৰঘাট আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
