এই অভ্যাসে সলনি কৰিব পাৰে শিশুৰ ভৱিষ্যত



 বৰ্ধিত ব্যয় আৰু মুদ্ৰাস্ফীতিৰ যুগত ধন ৰাহি কৰাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। কিন্তু সৰু সৰু ল'ৰা-ছোৱালীসকলে ধনৰ গুৰুত্বৰ বিষয়ে অৱগত নোহোৱাৰ ফলত মুকলিকৈ ধন ব্যয় কৰে। এনে পৰিস্থিতিত তেওঁলোকক ধন ৰাহি কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃৰ কৰ্তব্য। তেওঁলোকে ভৱিষ্যতে ধনৰ গুৰুত্ব বুজি যাতে টকা খৰচ কৰিব পাৰে, তাৰ বাবে পিতৃ-মাতৃয়ে সৰুৰে পৰাই শিশুক এই সন্দৰ্ভত শিক্ষা দিব লাগে। তদুপৰি, অপ্ৰয়োজনীয় বস্তুৰ বাবে ধন খৰচ কৰাৰ আগতে শিশুসকলক ভাবিবলৈ অভিভাৱকসকলেই বাধ্য কৰাব লাগে। আপুনি আপোনাৰ শিশুটোক কেনেকৈ টকা সঞ্চয় কৰিবলৈ শিকাব পাৰে, আজি সেই বিষয়ে জানো আহক-

প্ৰয়োজন আৰু আকাংক্ষাৰ মাজৰ পাৰ্থক্য বুজাই দিব

ধন সঞ্চয়ৰ বাবে প্ৰথমতে শিশুসকলক আকাংক্ষা আৰু প্ৰয়োজনীয়তাৰ মাজৰ পাৰ্থক্য কি, সেয়া শিকাওঁক। আকাংক্ষাৰ বাবে কৰি থকা কোনো কাম বন্ধ নহয়। কিন্তু যদি আপোনাক কিবা প্ৰয়োজন হয় আৰু আপুনি ইয়াক লাভ কৰিবলৈ সক্ষম নহয়, তেনেহ'লে ইয়াৰ অবিহনে আপোনাৰ কাম বন্ধ হ'ব পাৰে। এয়া বুজি পোৱাৰ পিছত তেওঁলোকে ধনৰ মূল্য বুজিবলৈ সক্ষম হ'ব। 

পুৰস্কাৰ দি সাহস বৃদ্ধি কৰক 

যদি শিশুৱে আপুনি ভালদৰে কোৱা কথাবোৰ গ্ৰহণ কৰে আৰু টকা ৰাহি কৰে, তেনেহ'লে আপুনি তেওঁলোকক উপহাৰ হিচাপে পুৰস্কৃত কৰিব পাৰে। এনে কৰাৰ ফলত শিশুটোয়ে উৎসাহ পাব আৰু ভৱিষ্যতে টকা ৰাহি কৰিবলৈ চেষ্টা কৰিব। 

ধনৰ গুৰুত্ব শিকাওক 

শিশুসকলক ধনৰ গুৰুত্ব শিকাওঁক। যদি আপুনি তেওঁলোকক খুজিলেই টকা দিয়ে, তেন্তে এই অভ্যাসটো বন্ধ কৰক। বাৰে বাৰে এনেদৰে দি থাকিলে তেওঁলোকে টকাৰ গুৰুত্ব বুজি নাপাব। তেওঁলোকক কেৱল প্ৰয়োজন হ'লেহে টকা দিব। এনে কৰিলে তেওঁলোকে ধনৰ প্ৰয়োজনীয়তা বুজি দৰকাৰতহে খৰচ কৰিব। 

উপাৰ্জন কৰিবলৈ অনুপ্ৰাণিত কৰক 

তেওঁলোকক ধনৰ মূল্য শিকাওঁক। তেওঁলোকক টকা উপাৰ্জন কৰাটো কিমান কঠিন সেয়া বুজাই দিব।কোনো কামেই সৰু বা ডাঙৰ নহয়। আপুনি তেওঁলোকক তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা কিবা উপাৰ্জন কৰাৰ সুযোগ দিব পাৰে। বহুতো অভিভাৱকে ভাবে যে ইয়াৰ ফলত শিশুৰ অৱনতি ঘটিব, কিন্তু তেওঁলোকে কঠোৰ পৰিশ্ৰম নকৰিলে পৰিশ্ৰমৰ মূল বুজি নাপাব। এই অভ্যাসৰ দ্বাৰা তেওঁ নিজৰ ভৰিত থিয় হৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ শিকিব পাৰিব। 

'পকেট মানি' দিয়াৰ আগতে মনত ৰাখিব 

শিশুক পকেট মানি সপ্তাহত বা মাহত এবাৰ দিব।ইয়াৰ বাহিৰেও টকা দিওঁতে তেওঁলোকক সেয়া যাতে অজথা খৰচ নকৰে, সেয়া বুজাই দিব।তেওঁলোকক অত্যাধিক টকা নিদিব। 


Post a Comment

Previous Post Next Post