কাছাৰত বিভিন্ন ব্ৰেণ্ডৰ ২১ কাৰ্টুন বিদেশী চিগাৰেট জব্দ


 

কাছাৰ জিলাৰ কালাইনৰ দিগৰখালত আৰক্ষীয়ে এক অভিযান চলাই বুজন পৰিমাণৰ অবৈধ বিদেশী চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয়। গুমৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ মিলিৰ নেতৃত্বত চলা এই অভিযানত এখন ১২ চকীয়া ট্ৰাকৰ পৰা এই অবৈধ সামগ্ৰীখিনি উদ্ধাৰ কৰে। 

আৰক্ষীয়ে দিগৰখাল চেক গেটত তালাচী চলাই থকাৰ সময়তে কালাইন দিশৰ পৰা মেঘালয় অভিমুখী NL-01-AB-7737 নম্বৰৰ এখন ১২ চকীয়া ট্ৰাকত  চলাইছিল  তালাচী। ট্ৰাকখনৰ এক গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে  বিভিন্ন ব্ৰেণ্ডৰ ২১ কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰে। দুয়োটা ব্ৰেণ্ডৰ মুঠ চিগাৰেটৰ মূল্য ২ লাখ ১০ হাজাৰ টকাৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

এই সংক্ৰান্তত ট্ৰাকখনৰ চালক আৰু সহচালকজনকো  গ্ৰেপ্তাৰ কৰে। ধৃত‌‌ ব্যক্তি দুজনৰ নাম চাহিদ আহমেদ আৰু চাহিন আহমেদ  বুলি জানিব পৰা গৈছে। তেওঁলোকৰ ঘৰ হাইলাকান্দি জিলাৰ আলগাপুৰৰ চণ্ডিপুৰ প্ৰথম খণ্ডত।

Post a Comment

Previous Post Next Post