বাহন চলাবলৈ পেট্ৰ’ল-ডিজেলৰ ব্যৱহাৰ কৰো। কিছুমান বাহনৰ ক্ষেত্ৰত বিদ্যুতৰ ছাৰ্জ দিবলগীয়াও হয়। পেট্ৰ’ল-ডিজেলৰ আকাশলংঘী দাম তথা ইলেক্ট্ৰিক বাহনবোৰ ছাৰ্জ দিবলৈ বহু সময়ৰ প্ৰয়োজন হোৱাৰ লগতে বিদ্যুতৰ বিলো বৃদ্ধি পায়।
কিন্তু এবাৰলৈ ভাবি চাওঁকচোন- বাহনবোৰে নিজে নিজে ডিজেল-পেট্ৰ’ল নিজে নিজেই উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে আমাৰ কিমান সহায় হ’ব। প্ৰথমে আপুনি বাহনৰ টেংকীত অলপ ইন্ধন ভৰাই ল’লে, তাৰপাছত ইঞ্জিনে সেই ইন্ধন ব্যৱহাৰ কৰিব আৰু বাহনখনে নিজেই উৎপাদন কৰিব ইন্ধন। এতিয়া ঠিক একেদৰে বিদ্যুতৰো উৎপাদনৰ ক্ষেত্ৰত যদি এনেই হয়? অসম্ভৱ যেন লগা নাইনে?
অসম্ভৱ যেন লাগিলেও এয়া কিন্তু বিদ্যুতৰ ক্ষেত্ৰত সম্ভৱ হৈ উঠিছে। কেৱল থিঅ’ৰী (Theory)তে নহয়, এই প্ৰযুক্তিক সফলতাৰে পৰীক্ষাও কৰা হৈছে। কিন্তু কি এই প্ৰযুক্তি? এই প্ৰযুক্তিয়ে দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাত অনুষ্ঠানতো স্থান পাইছে।
ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰঃ
ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ হৈছে এনে এক নিউক্লিয়াৰ ৰিয়েক্টৰ, যিয়ে কেৱল ইন্ধন কেৱল খৰচ বা ব্যৱহাৰেই নহয়, ইন্ধন-বিদ্যুতৰ উৎপাদনো কৰে। দৰাচলতে, তামিলনাডুৰ কলপক্কমত ইণ্ডিৰা গান্ধী চেন্টাৰ অৱ এটমিক ৰিছাৰ্চ আৰু ভাৰতীয় নভিকিয়া বিদ্যুৎ নিগম লিমিটেডে যৌথভাৱে নিৰ্মাণ কৰি উলিয়াইছে প্ৰট’টাইপ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ।
মন কৰিবলগীয়া যে, এই ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ নিৰ্মাণৰ ক্ষেত্ৰত বহু চেষ্টাৰ পাছত হাৰ মানিছে আমেৰিকা যুক্তৰাষ্ট্ৰ, ফ্ৰান্স, ইউ.কে, জাপানৰ দৰে প্ৰযুক্তিৰ ক্ষেত্ৰত অতিকৈ উন্নত দেশসমূহে। কিন্তু ভাৰতে এয়া কৰি দেখুৱালে।
কিয় ইমান গুৰুত্বপূৰ্ণ এই ৰিয়েক্টৰঃ
ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰৰ বিষয়ে জনাৰ আগত কেইটামান প্ৰশ্ন নিশ্চয় মনলৈ আহে যে- কিয় এই ৰিয়েক্টৰ গুৰুত্বপূৰ্ণ? কি আছে এই ৰিয়েক্টৰত? কিয় ই ইমান ডাঙৰ প্ৰাপ্তি যে প্ৰধানমন্ত্ৰী মোডীয়ে খোদ এই বিষয়ে ঘোষণা কৰিবলগীয়া হৈছে? আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে- ই কেনেকৈ নিজৰ ইন্ধন নিজেই উৎপাদন কৰে?
উল্লেখ্য যে, ‘ৰিয়েক্টৰ’ হৈছে- পাৰমাণৱিক বিক্ৰিয়াৰ জৰিয়তে শক্তি উৎপাদন কৰা, ‘ব্ৰিডেৰ’ হৈছে- উৎপাদন কৰোতা। দৰাচলতে, ভাৰতৰ আছে তিনিটা পৰ্যায়ৰ নিউক্লিয়াৰ ৰিকেক্টৰ। প্ৰথমটো পৰ্যায়- প্ৰেছেৰাইজড হেভী ৱাটাৰ ৰিয়েক্টৰ্ছ ভাৰতত পূৰ্বৰে পৰা আছে। প্ৰথম পৰ্যায়ৰ ৰিয়েক্টৰৰ শেষত ৰৈ যোৱা পাৰমাণৱিক বৰ্জ্যখিনি যাতে পুনৰ ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে ভাৰতে।
এই ৰেডিঅ’ এক্টিভ পাৰমাণৱিক বৰ্জ্যক পুনৰ প্ৰক্ৰিয়াকৰণৰ দ্বাৰা মিক্সড অক্সাইডলৈ ৰূপান্তৰ কৰা হয়। এই অক্সাইডত থাকে ইউৰেনিয়াম আৰু প্লুট’নিয়াম(২৩৯)। ইয়াৰে প্লুট’নিয়াম ২৩৯ক চিৰামিকৰ বাকচ বা পাত্ৰত বন্ধ কৰি ৰখা হয়।
এনে বহু বাকচ একগোট কৰিলে তাক পেলেটছ বুলি কোৱা হয়। আৰু পেলেটছবোৰক একেলগে এছেম্বলী বুলি কোৱা হয়। এনে এছেম্বলীবোৰে আকৌ একগোট হৈ ‘নিউক্লিয়াৰ ক’ৰ’ প্ৰস্তুত কৰে। ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰৰ ভিতৰত এই ক’ৰ সৈতে থাকে ইউৰেনিয়াম (২৩৮)ৰ এখন ব্লেংকেট। আৰু ইয়াৰ পৰাই নতুন ইন্ধন উৎপাদনৰ সক্ষমতা লাভ কৰা হয়।
ফিউল ক’ৰ (Fuel Core)ত বাহিৰৰ পৰা এটা নিউট্ৰ’ন পঠিওৱা হয়। ইয়াৰ পাছত আৰম্ভ হয় এক ছেইন ৰিয়েকশ্যন। ইফালে, প্ৰধানমন্ত্ৰী মোডীয়ে ঘোষণা কৰিছে যে- কলপাক্কমত প্ৰ’ট’টাইপ ফাষ্ট ৰিয়েক্টৰে ‘ক্ৰিটিকেলিটী’ অৰ্জন কৰিছে।
ক্ৰিটিকেলিটীৰ অৰ্থ হৈছে- ফিছন ৰিয়েকশ্যনৰ পাছত নিউট্ৰ’ন ওলাই যায় আৰু আনটো ৰিয়েকশ্যন হোৱা। অৰ্থাৎ ছেইন ৰিয়েকশ্যন চলি থকা। আনহাতে, ক’ৰৰ পৰা ওলোৱা নিউট্ৰ’নৰ একাংশ বাহিৰলৈও ওলাই আহে। আৰু বাহিৰত ওলাই অহাৰ পাছতে ইউৰেনিয়ম ২৩৮ৰ ব্লেংকেটে এই নিউট্ৰ’নসমূহক শুহি লয়। তাৰপাছত প্লুট’নিয়ম ২৩৯লৈ ৰূপান্তৰ হয়। ইয়াৰ পৰা বুজিব পাৰি যে, এই ৰিয়েক্টৰটোৱে শক্তি উৎপাদন কৰাৰ সমান্তৰালভাৱে নিজে চলি থাকিবলৈ প্ৰয়োজনীয় ইন্ধনো উৎপাদন কৰে।
ভাৰতে আমদানি কৰিব লাগে ইউৰেনিয়মঃ
ই ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। কিয়নো নিউক্লিয়াৰ ৰিয়েক্টৰবোৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ইউৰেনিয়ম। আৰু ভাৰতত ইউৰেনিয়মৰ নাটনি বহু দেখিবলৈ পোৱা যায়। ভাৰতত নিউক্লিয়াৰ ৰিয়েক্টৰবোৰত ব্যৱহাৰ কৰিবলগীয়া ইউৰেনিয়মৰ ৭০-৮০ শতাংশ অন্য দেশৰ পৰা আমদানি কৰা হয়।
কিন্তু ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰবোৰে নিজৰ ইন্ধন নিজেই উৎপাদন কৰিব পাৰে, সেয়েহে ভৱিষ্যতে ইউৰেনিয়ম আমদানিৰ হাৰ বহু হ্ৰাস পাব। কেৱল এয়াই নহয়, নিউক্লিয়াৰ ফিজনৰ পৰা যি তাপ উৎপন্ন হয়, সেই তাপৰ দ্বাৰা পানী উতলাই তাৰ পৰা বিদ্যুৎ উৎপাদন কৰা হ’ব।
ভাৰতত জনসংখ্যা বৃদ্ধিঃ
সমগ্ৰ বিশ্বৰ ভিতৰত সৰ্বাধিক জনসংখ্যাৰ দেশৰ শীৰ্ষৰ তালিকাত ভাৰতৰো স্থান আছে। বৰ্তমান সময়ত ভাৰতৰ জনসংখ্যা প্ৰায় ১.৪ বিলিয়ন। সময়ৰ সৈতে এই সংখ্যা আৰু অধিক বৃদ্ধি পাই গৈ থাকিব। আৰু জনসংখ্যা বৃদ্ধি মানে অধিক ইন্ধন তথা বিদ্যুতৰ ব্যৱহাৰ। গতিকে পৰৱৰ্তী সময়ত শক্তি বা বিদ্যুতৰ যাতে নাটনি নহয় সেই ক্ষেত্ৰত ই বিশেষ ভূমিকা বহন কৰিব।
ভাৰতৰ তিনি পৰ্যায়ৰ যি পৰিকল্পনা সেয়া সম্পূৰ্ণৰূপে ফলপ্ৰসূ হ’বলৈ নিশ্চিতভাৱে বহু সময়ৰ প্ৰয়োজন হ’ব। কিন্তু এবাৰ যদি পাৰমাণৱিক শক্তিৰ পূৰ্ণ সম্ভাৱনাক যদি ব্যৱহাৰ কৰিবলৈ সক্ষম হওঁ, তেন্তে আগন্তুক শ শ বছৰলৈ ভাৰতে নিজৰ প্ৰয়োজনীয় শক্তিৰ পৰিমান পূৰণ কৰি থাকিব পাৰিব। দেশৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলে এই অসম্ভৱক যেন লাহে লাহে সম্ভৱ হোৱাৰ দিশে আগবঢ়াই লৈ গৈ আছে। যি সঁচাকৈ গৌৰৱৰ বিষয়।
মন কৰিবলগীয়া যে, আমাৰ দেশৰ মিত্ৰৰাষ্ট্ৰ ৰাছিয়াই ইতিমধ্যে বাণিজ্যিক পৰ্যায়ৰ ফাষ্ট ব্ৰিডাৰ ৰিয়েক্টৰ চলাই আছে। গতিকে এই তালিকাত এতিয়া ভাৰতেও স্থান পাবলৈ আগবাঢ়িছে।
