Miss Universe Assam 2026 ৰ খিতাপ অৰ্জন পিংকি বসুমতাৰীৰ



 তামুলপুৰ জিলাৰ কলবাৰী গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে সৌন্দৰ্য্য আৰু প্ৰতিভাৰ অধিকাৰী পিংকি বসুমতাৰীয়ে। Miss Universe Assam 2026 উপাধি অৰ্জন কৰাৰ পাছত নিজ গাঁৱত উপস্থিত হোৱা পিংকিক গাঁৱৰ সকলোৱে এক বৰ্ণাঢ্য কাৰ্যসূচীৰে আদৰণি জনায়।

উল্লেখ্য যে, আৰোনাই এণ্টাৰটেইনমেণ্ট ক’অপাৰেটিভ ছ’চাইটি লিমিটেড' আৰু 'আৰ্ট এণ্ড মচন ডান্স ষ্টুডিঅ’ এণ্ড ছ’চাইটি'ৰ উদ্যোগত বড়োলেণ্ড অঞ্চলত প্ৰথমবাৰৰ বাবে আয়োজিত হৈছিল Miss Universe Assam 2026 আৰু Miss Teen India 2026 ৰ গ্ৰেণ্ড ফিনালে। এই প্ৰতিযোগিতাত পিংকি বসুমতাৰীয়ে বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

ইপিনে গাঁৱৰ ৰাইজে পিংকিক আৰনাই আৰু ফুলৰ মালা পিন্ধাই আদৰণি জনোৱাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। লগতে পিংকিয়ে আগন্তুক জুলাই মাহত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৌন্দৰ্য্য প্ৰতিযোগিতা Miss Universe India 2026 ত অসমক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে। তীৰ্থ বসুমতাৰী আৰু মাখনি বসুমতাৰীৰ জীয়ৰী পিংকিয়ে মন্তব্য প্ৰকাশ কৰি কয় যে- তেওঁ ৰাষ্ট্ৰীয় মঞ্চত বড়ো সকলৰ পৰম্পৰাগত ৰংচঙীয়া 'দখনা' পৰিধান কৰি নিজৰ সংস্কৃতি প্ৰদৰ্শন কৰিব।

Post a Comment

Previous Post Next Post